Home অন্যান্য খবৰআৰক্ষীয়ে যেতিয়া নিজেই অবৈধ নেটৱৰ্ক গঢ়ে…

আৰক্ষীয়ে যেতিয়া নিজেই অবৈধ নেটৱৰ্ক গঢ়ে…

by News Desk
A+A-
Reset
c28ce943-cb9b-4650-a90c-bb97ace52d7e

নগাঁওঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাত শেহতীয়াকৈ সাধাৰণ জনতাক আইন সাহায্য দিয়াৰ নামত চলিছে দালালৰাজ৷ স্বয়ং আইনৰ ৰক্ষকেই সাধাৰণ দুখীয়া লোকক ভয়-ভাবুকিৰে নিৰ্দিষ্ট এলেকাত দালাল নিয়োজিত কৰি গোচৰ মীমাংসাৰ নামত হাজাৰ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। অভিযোগ মতে, জিলাখনৰ পশ্চিম প্ৰান্তৰ ৰাইদঙীয়া, মাজ-জাজৰি, কাকমাৰি, নিজ হাতীচোং, জামুগুৰি-কুজিদাঁহ, আইভেটি আৰু হাতীযুঁজুৱা গাঁও পঞ্চায়তক সামৰি গঞা ৰাইজৰ নিৰাপত্তাৰ বাবে স্থাপিত থানাখনৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে দালালৰ জৰিয়তে এক নেটৱৰ্ক গঢ়ি তুলিছে আৰু দালালৰ জৰিয়তে প্ৰায়বোৰ গোচৰ মীমাংসাৰ নামত মোটা অংকৰ ধনৰ লেনদেন কৰি দৰিদ্ৰ জনতাৰ তেজ শুহি আহিছে। উত্থাপিত অভিযোগ অনুসৰি, বৰ্তমান থানাখনৰ ভৰালী উপাধিৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ ছত্ৰছায়াত দালালৰ দপদপনি ইমানেই বৃদ্ধি পাইছে যে দালালৰ শৰণাপন্ন নহ’লে সৰ্বসাধাৰণ ৰাইজৰ কোনো কামেই হৈ নুঠে৷ আনকি ভাৰপ্ৰাপ্ত বিষয়াজনৰ আৰ্শীবাদতে অধিক জনপ্ৰিয় হৈ পৰা বাবুল আলি নামৰ হাতীযুঁজুৱাৰ দালালটোয়ে প্ৰায়েই সমাজৰ গন্য-মান্য লোককো ভয়-ভাবুকি প্ৰদানেৰে ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছে। ইফালে, থানাখনৰ আন বিষয়া তথা সহকৰ্মীসকলৰ লগত সদ্ভাৱ বজাই নৰখা ক্ষমতাৰ ৰাগীত মতলীয়া ভাৰপ্ৰাপ্ত বিষয়াজনৰ কাম-কাজ আৰু ৰুক্ষ ব্যৱহাৰত স্থানীয় ৰাইজ সন্তুষ্ট নহয় বুলি জানিব পৰাৰ গৈছে৷ আনকি বিভিন্ন অসামাজিক কাৰ্য-কলাপ থানা এলেকাত দিনক দিনে বৃদ্ধি পোৱাৰ পাছতো কোনো ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা নোলোৱাটোৱে অপৰাধীক সাহসহে যোগোৱা বুলি সচেতন লোকসকলে মত প্ৰকাশ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0