Home অন্যান্য খবৰজাজৰিত গ‍াঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

জাজৰিত গ‍াঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

by News Desk
63 views
A+A-
Reset

নগাঁওঃ সদৌ অসম গাঁওৰক্ষী বাহিনীৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বিগত বছৰৰ দৰে বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে নগাঁও জিলাৰ জাজৰি থানা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত জাজৰিত উদযাপন কৰে। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন আৰু স্বৰ্গীয় হৰিনাৰায়ন বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদনৰ অন্তত ১১ বজাত মুকলি সভা অনুষ্ঠিত হয়।

যজ্ঞ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু বিগত বছৰৰ থানা সমিতিৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে। তাৰ পাছতেই হিচাব পৰীক্ষকে হিচাবৰ প্ৰতিবেদন পাঠ কৰে আৰু সভাই সৰ্বসন্মতভাৱে গ্ৰহন কৰে। সভাত উপস্থিত থকা হাতীচোং জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যা সীমা ৰেখা ভড়ালী আৰু মাজ জাজৰি গাঁও পঞ্চায়তৰ সভাপতি মিন্তু কোঁৱৰক গামোছা আৰু শৰাইৰে সমৰ্দ্ধনা জনোৱা হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0