জলেশ্বৰঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত উজলি উঠিল বান আৰু গঢ়াখহনীয়া বিধ্বস্ত গোৱালপাৰাৰ জলেশ্বৰৰ এগৰাকী দৰিদ্ৰ মেধাবী ছাত্ৰী৷ জলেশ্বৰৰ জেনিথ একাডেমিৰ ছাত্রী মৌচুমী ছুলতানা পাৰ্ভীনে ৯২.৬১ শতাংশ নম্বৰ পাই ডিষ্ট্ৰিংচনসহ উত্তীৰ্ণ হৈ মান উজলালে জলেশ্বৰৰ৷
মৌচুমীৰ ফলাফলত উৎফুল্লিত জলেশ্বৰবাসী৷ মৌচুমীয়ে হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত গণিতত ১০০ নম্বৰ অসমীয়াত৯৫, ইংৰাজী ৮২, বিজ্ঞানত ৯৪, সমাজ বিজ্ঞানত ৮৭, ঐচ্ছিক গণিতত ৯৫ নম্বৰ লাভ কৰি সৰ্বমুঠ ৫৫৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ জেনিথ একাডেমিৰ ছাত্রী মৌচুমী ছুলতানা পাৰ্ভীনে জলেশ্বৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত মেট্ৰিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ মৌচুমীয়ে সপোন দেখিছিল স্থান লাভৰ৷