ডিমৌঃ অকালতে হেৰাই যাব খোজা এগৰাকী কিশোৰীয়ে এতিয়া আৰু পিছলৈ ঘুৰি চাব নালাগে। তাই সপোন পুৰা কৰিবলৈ এতিয়া এজাক মানুহ আগবাঢ়ি আহিছে৷
পৃথিৱীত চকু মেলিয়েই দৰিদ্ৰতাকেই দেখা যমুনাই এমাহৰ ভিতৰতেই হেৰুৱাইছিল পিতৃ-মাতৃক৷ হাড়ভগা পৰিশ্ৰম কৰা পিতৃ-মাতৃয়ে কিশোৰীগৰাকীক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰাৰ অযুত সপোন দেখিছিল৷ পিতৃ-মাতৃয়ে কিশোৰীগৰাকীক পঢ়া-শুনাৰ দিশত আগবঢ়াই দিয়াতো অৱহেলা কৰা নাছিল৷ কণমানি কিশোৰীগৰাকীয়ে পিতৃ-মাতৃৰ সপোনক বাস্তৱত ৰূপ দিয়াৰো আপ্ৰাণ চেষ্টা চলাইছিল৷