69
বালিপৰাঃ প্ৰাকৃিতিক সৌন্দৰ্যৰে ভৰপুৰ অসমত এতিয়া খাদ্য আৰু আৱাসৰ নাটনিত পৰি বন্য জীৱ-জন্তুৰ বিলাই বিপত্তি নাইকিয়া হৈছে। হাতী-মানুহৰ সংঘাতৰ পৰা আৰম্ভ কৰি বাঘ আৰু অনান্য বনৰীয়া জীৱ-জন্তুৰ এতিয়া থাকিবলৈ থল নাইকিয়া হৈছে।
এনেদৰে বন্যপ্ৰাণী আৰু বনাঞ্চলৰ প্ৰতি নামি অহা সংকটে অদূৰ ভৱিষ্যতে মানৱ সৃষ্ট পৰিৱেশৰ ওপৰত মাৰাত্মক প্ৰভাৱ পেলোৱাটো ধুৰূপ। সেয়ে প্ৰকৃতিৰ সৈতে সদয় হৈ জীয়াই থকাৰ উদ্দেশ্যে বালিপৰা-চাৰিদুৱাৰত আৰম্ভ হৈছে এক ন অভিযান।