গোৱালপাৰাঃ কৰ’না ভাইৰাছৰ  সংক্ৰমণ ৰোধৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ সহাঁৰি জনাই  গোৱালপাৰা চহৰবাসীয়েও আজি "জনতাৰ কাৰ্ফিউ"ৰ সময়ছোৱাত নিজকে পুৱাৰে পৰা নিশালৈকে ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে। ফলত আজিৰ দিনটোত সম্পূৰ্ণৰূপে নিস্তব্ধ হৈ পৰে সদাব্যস্ত গোৱালপাৰা চহৰ।

আন দিনসমূহত যান-বাহন, ক্ৰেতা-বিক্ৰেতা, পথচাৰীকে আদি কৰি হাজাৰ বিজাৰ লোকৰ সমগামৰে ভৰি থকা চহৰখনত দেওবাৰে দেখা যায় এক সম্পূৰ্ণ সুকীয়া পৰিৱেশ। অসম বন্ধৰ সময়তো দুই-এখন গাড়ী-মটৰ চলা দেখা যায় যদিও আজিৰ জনতা কাৰ্ফিউত আৰক্ষীৰ গাড়ী দুই এখন চলাৰ বাদে সম্পূৰ্ণৰূপে খালী হৈ পৰে চহৰখন। 

জিলাখনৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে সংযোগী প্ৰতিটো পথ-উপপথ এই সময়ছোৱাত একপ্ৰকাৰ উকা হৈ ৰয়। সদৰ চহৰখনৰ লগতে মফচলীয় অঞ্চল মাটিয়া, ৰংজুলি, কৃষ্ণাই, দুধনৈ আদিতো দেখা গ'ল একেই পৰিবেশ৷ আনহাতে সন্ধিয়াৰ ভাগত জিলাখনৰ প্ৰায়বোৰ অঞ্চলতে লোকসকলে পদূলিলৈ ওলাই আহি কিছু সময়ৰ বাবে হাত চাপৰি, বাদ্য, কাহী-বাতি আদি বজাই অত্যাৱশ্যাকীয় সেৱাৰ সৈতে জড়িতসকলক ধন্যবাদ জ্ঞাপন কৰে।