অনলাইন ৰিপ’ৰ্টঃ যি সময়ত ভাৰত তথা অসমত যুৱ প্ৰজন্মৰ অত্যাধিক সুৰাসক্তিক লৈ চৰকাৰ চিন্তিত হৈ পৰিছে সেই সময়ত জাপানত দেশখনৰ চৰকাৰে গ্ৰহণ কৰা এক পদক্ষেপক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা চলা পৰিলক্ষিত হৈছে। প্ৰাপ্ত বাতৰি মতে জাপান চৰকাৰে যুৱক-যুৱতীসকলক সুৰাপানৰ বাবে উৎসাহী কৰি তুলিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে।

যুৱ-প্ৰজন্মৰ মাজত সুৰাপানৰ হাৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত ৰাজহৰ পৰিমাণ ব্যাপক হাৰত হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত এনে সিদ্ধান্ত ল’বলৈ বাধ্য হৈ পৰিছে জাপান চৰকাৰ। চাউলৰ পৰা প্ৰস্তুত কৰা জাপানৰ পৰম্পৰাগত সুৰা ছাকেৰ বিক্ৰীৰ পৰা পোৱা কৰৰ পৰিমাণো যথেষ্ট হ্ৰাস পাইছে।

শেহতীয়াকৈ জাপানৰ ৰাষ্ট্ৰীয় টেক্স এজেন্সীয়ে কৰ সংগ্ৰহৰ পৰিমাণ হ্ৰাস ৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ অভিযান আৰম্ভ কৰিছে। এই অনুযায়ী 'ছাকে বিবা’ নামৰ এক অভিযান আৰম্ভ কৰি জাপানৰ যুৱক-যুৱতীসকলক চাকে সেৱনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা চলোৱা হৈছে যাতে সুৰা উদ্যোগটোৱে ইয়াৰ লাভ পাব পাৰে।

টেক্স এজেন্সীয়ে ২০ৰ পৰা ৩৯ বছৰ বয়সৰ লোকসকলৰ মাজত এক প্ৰতিযোগিতাৰো আয়োজন কৰিছে। প্ৰতিযোগিতাত ভাগ লোৱাসকলক জাপানী চাকে, ছোছু, হুইস্কি, বীয়েৰ আৰু ৱাইন কিদৰে জনপ্ৰিয় কৰিব পৰা যায় সেই সম্পৰ্কে বিজিনেছ আইডিয়া দিবলৈকো আহ্বান জনোৱা হৈছে।

প্ৰতিযোগিতাৰ আয়োজকসকলৰ মতে ক’ভিডৰ সময়ত জাপানত সুৰাপানৰ অভ্যাস একপ্ৰকাৰ দ্ৰুত গতিত হ্ৰাস পাইছিল। ইয়াৰ লগতে জাপানৰ বৃদ্ধ লোকৰ জনসংখ্যা বৃদ্ধি পোৱাৰ ফলতো সুৰাৰ বিক্ৰী হ্ৰাস পাইছে বুলি ধাৰণা কৰা হৈছে।

ৰাষ্ট্ৰীয় কৰ সংগ্ৰহকাৰী সংস্থাটোৱে সুৰাৰ জনপ্ৰিয়তা বঢ়াবৰ বাবে প্ৰমোশ্যনেল কেম্পেইন, ব্ৰেণ্ডিং আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে নতুন নতুন উপায় উলিওৱাৰ বিষয়েও চিন্তা-চৰ্চা অব্যাহত ৰাখিছে। জাপানী সংবাদ মাধ্যমৰ মতে চৰকাৰৰ এই অভিযানক লৈ দেশখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ লোকে এয়া জনস্বাস্থ্য বিৰোধী বুলি উল্লেখ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰাও পৰিলক্ষিত হৈছে।

অনলাইন পৰামৰ্শ আহ্বান...

চৰকাৰৰ আহ্বানৰ পিছতে বহু লোকে অনলাইনযোগে হৰেক-ৰকমৰ আইডিয়া দিবলৈ আৰম্ভ কৰিছে। এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে এটা ভাৰ্চুৱেল ক্লাৱৰ ভিডিঅ’ আপলোড কৰি কেনেদৰে সুৰাৰ বিক্ৰী বঢ়াব পাৰি সেই সম্পৰ্কে মন্তব্য আগবঢ়াইছে।

এই প্ৰতিযোগিতাত ভাগ লোৱা লোকসকলে ছেপ্টেম্বৰৰ পূৰ্বেই নিজৰ নিজৰ আইডিয়া আগবঢ়াব লাগিব। ইয়াৰ পিছত উক্ত উপায়সমূহৰ মাজৰ পৰা শ্ৰেষ্ঠ উপায় বিচাৰি উলিয়াই বিশেষজ্ঞৰ জৰিয়তে সেয়া কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। নৱেম্বৰৰ ভিতৰত ইয়াক চূড়ান্ত ৰূপ দিয়া হ’ব।

এই অভিযানৰ বাবে এটি ৱেবছাইট মুকলি কৰা হৈছে। উক্ত ৱেবছাইটৰ মতে জাপানত সুৰাৰ বিক্ৰী দিনে দিনে হ্ৰাস পাইছে আৰু ইয়াৰ ফলত কৰ সংগ্ৰহৰ পৰিমাণো উদ্বেগজনক ভাৱে অৱনমিত হৈছে।

শেহতীয়া পৰিসংখ্যা অনুযায়ী জাপানত ১৯৯৫ চনৰ তুলনাত ২০২০ চনৰ পিছৰে পৰা সুৰাপানৰ হাৰ কেবাগুণে হ্ৰাস পাইছিল। ১৯৯৫ চনত জাপানত এজন সুৰাপায়ীয়ে এবছৰত প্ৰায় ১০০ লিটাৰ সুৰা পান কৰিছিল। কিন্তু ২০২০ চনত সেয়া হ্ৰাস পাই প্ৰতি সুৰাপায়ীয়ে বছৰত পান কৰা সুৰাৰ পৰিমাণ হয়গৈ মাত্ৰ ৭৫ লিটাৰ।

সুৰাপানৰ হাৰ হ্ৰাস পোৱাৰ ফলত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ দেখা গৈছে দেশখনৰ অৰ্থনীতিতো। জাপান টাইমছ নামৰ বাতৰি কাকতত প্ৰকাশিত বাতৰি মতে ১৯৮০ চনত দেশখনৰ মুঠ ৰাজহৰ ৫ শতাংশ আহিছিল সুৰাৰ বিক্ৰীৰ পৰা। ২০২০ চনত এই পৰিমাণ হ্ৰাস পাই হৈছেগৈ ১.৭ শতাংশ।

বিশ্ব বেংকৰ এক পৰিসংখ্যা মতে জাপানৰ ২৯ শতাংশ জনসংখ্যাৰেই বয়স ৬৫ বছৰৰ ওপৰৰ। এয়া হৈছে জ্যেষ্ঠ নাগৰিকৰ অনুপাতৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক। জাপানৰ সমস্যা কেৱল ৰাজহ সংগ্ৰহৰ পৰিমাণ হ্ৰাস পোৱাটোৱেই নহয়, সমস্যা ইয়াতকৈও ভয়াৱহ হৈ পৰিছে।

জ্যেষ্ঠ নাগৰিকৰ সংখ্যা বৃদ্ধিক লৈ সমস্যা

জাপানৰ এই মুহূৰ্তত আটাইতকৈ ভয়াৱহ সমস্যা হৈছে জ্যেষ্ঠ নাগৰিকৰ সংখ্যা বৃদ্ধি পোৱাতো। জাপানী কোম্পানীসমূহে কাম কৰিবলৈ যুৱ কৰ্মচাৰী বিচাৰি হায়ৰাণ হৈ পৰিছে। কৰ্মচাৰীৰ অভাৱৰ ফলত বহু ৰেষ্টুৰেণ্ট আৰু শ্বপিং মল বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বৃদ্ধ লোকসকলে দিনে-পোহৰেই বজাৰ-সমাৰ কৰিবলৈ পছন্দ কৰাত চলি থকা দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো সন্ধিয়া হোৱাৰ পূৰ্বেই বন্ধ ৰাখিবলগীয়া হৈছে।

এনেদৰে এতিয়া বৃদ্ধ লোকেৰে ভৰি থকা জাপান ক্ৰমাৎ ভয়াৱহ আৰ্থিক সংকটৰ দিশে গতি কৰিছে। এই সন্দৰ্ভত জাপানী কোম্পানী ক্ৰিমছন ফিনিক্সৰ শীৰ্ষ বিষয়া য়ুছিৰি নাকাজিকায়ো উদ্বিগ্নতা প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি তেওঁ কৈছে, 'কিছু কিছু খণ্ড আৰু কিছু কিছু ব্যৱসায়ত কাম কৰাৰ পদ্ধতি সলনি কৰিব লাগিব। পুৰণি পদ্ধতিৰে এতিয়া আৰু কাম চলাব পৰা নাযাব।  আগতে পেট্ৰ’ল পাম্প, দোকান আৰু আন একাধিক ব্যৱসায়িক প্ৰতিষ্ঠান ২৪ ঘণ্টাই খোলা আছিল।  কিন্তু এতিয়া কাম কৰিবলৈ মানুহ বিচাৰি নোপোৱা পৰিৱেশৰ সৃষ্টি হৈছে।’

জাপানত এতিয়া বহু ব্যৱসায় কেৱল বয়োজ্যেষ্ঠ লোকক লক্ষ্য কৰি আৰম্ভ কৰা হৈছে। জাপানৰ অৰ্থনৈতিক বিশ্লেষকসকলে ইয়াক ছিলভাৰ ইণ্ডাষ্ট্ৰী হিচাপে অভিহিত কৰিছে। এনে ব্যৱসায়সমূহৰ ভিতৰত অন্যতম হৈছে নাৰ্ছিং কেয়াৰ হোমছ আৰু অল্ড এজ হোম। এনে এক পৰিস্থিতিত এতিয়া সমগ্ৰ জাপানতেই যুৱ 'মেন পাৱাৰ’ৰ তীব্ৰ অভাৱে দেখা দিছে। এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দেশখনৰ বিদেশ মন্ত্ৰণালয়ে ভাৰতকে আদি কৰি বহু দেশত জাপানী ভাষা কোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰি বিদেশী লোকক কৰ্মসংস্থাপন দিয়াৰো যো-জা চলাইছে।