বিশেষ প্ৰতিবেদনঃ সমগ্ৰ দেশে যিদিনা স্বাধীনতাৰ ৭৬ সংখ্যক বৰ্ষপূৰ্তি পালনত ব্যস্ত হৈ আছিল ঠিক সেইদিনাই  শাস্তি ৰেহাই দি জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল গুজৰাটত দলৱদ্ধ ধৰ্ষণ আৰু ৭ জনকৈ লোকক হত্যা কৰাৰ অপৰাধাত আজীৱন কাৰাদণ্ডৰে দণ্ডিত ১১ অপৰাধীক। এই ১১ জনকৈ লোকে ২০০২ চনত গুজৰাটৰ সাম্প্ৰদায়িক হিংসাৰ সময়ত বিলকিছ বানুক দলৱদ্ধ ধৰ্ষণ কৰাৰ লগতে তেওঁৰ পৰিয়ালৰ ৭ জনকৈ সদস্যক হত্যা কৰাৰ অপৰাধত আজীৱন কাৰাদণ্ডৰ শাস্তি ভোগ কৰি গোধৰা জেলত বন্দী হৈ আছিল।

গুজৰাট চৰকাৰে ধৰ্ষণৰ গোচৰত অভিযুক্ত ১১ অপৰাধীৰ শাস্তি ঠিক এনে সময়ত ৰেহাই দিছে যি সময়ত কেন্দ্ৰ চৰকাৰে বিভিন্ন কাৰাগাৰত বন্দী হৈ থকাসকলৰ শাস্তি ৰেহাই সন্দৰ্ভত প্ৰতিখন ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি কোনো কাৰণতে আজীৱন কাৰাদণ্ডৰে দণ্ডিত আৰু ধৰ্ষণৰ গোচৰত শাস্তি ভোগ কৰি থকা অপৰাধীসকলক শাস্তি ৰেহাই দিয়া উচিত নহয় বুলি স্পষ্ট কৰি দিছিল। যোৱা ১০ জুনত প্ৰতিখন ৰাজ্য চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছিল কেন্দ্ৰই।

ৰাজ্য চৰকাৰসমূহলৈ প্ৰেৰণ কৰা পত্ৰত স্বাধীনতাৰ ৭৬ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আজাদীৰ অমৃত মহোৎসৱ পালন কৰি থকাৰ শুভক্ষণত একাংশ বন্দীৰ শাস্তি ৰেহাই দি ৩টা পৰ্যায়ত জেলৰ পৰা মুকলি কৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱ অনুযায়ী প্ৰথম পৰ্যায়ত ১৫ আগষ্ট ২০২২ত, দ্বিতীয় পৰ্যায়ত ২৬ জানুৱাৰী ২০২৩ আৰু তৃতীয় পৰ্যায়ত ১৫ আগষ্ট ২০২৩ত একাংশ বন্দীক শাস্তি ৰেহাই দি জেলৰ পৰা মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰিছিল। এই পত্ৰখনত আজীৱন কাৰাদণ্ডৰে দণ্ডিত আৰু ধৰ্ষণৰ গোচৰত শাস্তি ভোগ কৰি থকা অপৰাধীসকলৰ শাস্তি ৰেহাই দিব পৰা নাযাব বুলিও স্পষ্ট কৰি দিছিল কেন্দ্ৰ চৰকাৰে।

গুজৰাটৰ ২০১৪ চনৰ শাস্তি ৰেহাই নীতি

গুজৰাটৰ গৃহ বিভাগে ২৩ জানুৱাৰী ২০১৪ চনত বন্দীসকলৰ শাস্তি ৰেহাই আৰু সময়ৰ পূৰ্বে জেলৰ পৰা মুকলি সন্দৰ্ভত নীতি-নিৰ্দেশনা জাৰি কৰিছিল। এই নীতি-নিৰ্দেশনাত  কোৱা হৈছিল যে দুজন বা দুজনতকৈ ততোধিক লোকক হত্যা কৰা অপৰাধী আৰু দলৱদ্ধ ধৰ্ষণকাৰীৰ শাস্তি ৰেহাই দিয়া নহয়।

এই নিৰ্দেশনাত আৰু কোৱা হৈছিল যে যিসকল কয়দী দিল্লী স্পেচিয়েল পুলিচ এষ্টাব্লিছমেণ্ট এক্ট, ১৯৪৬ৰ অধীনত কৰা বিচাৰত দোষী সাব্যস্ত হৈছে সেইসকলকো শাস্তি ৰেহাই দিয়া নহ’ব। উল্লেখ্য যে এই দিল্লী স্পেচিয়েল পুলিচ এষ্টাব্লিছমেণ্ট এক্টৰ অধীনতে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআইক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয়। 

তাৎপৰ্যপূৰ্ণ কথা এয়ে বিলকিছ বানু গোচৰৰ তদন্ত চিবিআইক অৰ্পণ কৰা হৈছিল। তদন্তৰ অন্তত চিবিআইয়ে ১১ অভিযুক্ত দোষী সাব্যস্ত কৰিছিল।

২০১৪ নহয়, ১৯৯২ৰ নিয়মৰ অধীনত ৰেহাই

আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান বিবিচি আৰু গুজৰাটৰ স্থানীয় সংবাদ মাধ্যমক গুজৰাটৰ অতিৰিক্ত মুখ্য সচিব (গৃহ) ৰাজ কুমাৰে জৱোনা মতে বিলকিছ বানু গোচৰৰ ১১ অপৰাধীক ১৯৯২ চনৰ নীতি-নিৰ্দেশনা অনুসৰিহে জেলৰ পৰা মুকলি কৰি দিয়া হৈছে। 

তেওঁ কয়, 'এই বিষয়টো সময়তকৈ পূৰ্বে মুকলি কৰি দিয়াৰ নহয়, শাস্তি ৰেহাইৰহে বিষয়। তেওঁলোকক যেতিয়া দোষী সাব্যস্ত কৰা হৈছিল তেতিয়া আজীৱন কাৰাদণ্ডৰ শাস্তি দিয়া হৈছিল। যেতিয়া ১৪ বছৰ পূৰ্ণ হয় তেতিয়া যিকোনো কয়দীয়ে শাস্তি ৰেহাইৰ বাবে আবেদন কৰিব পাৰে। তেওঁলোকেও এই আবেদন কৰিছিল। ২০১৪ৰ যি নীতি-নিৰ্দেশনা সেই নীতি-নিৰ্দেশনাৰ জৰিয়তে তেওঁলোকক ৰেহাই দিয়াতো সম্ভৱ নাছিল। পিছত এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইগৈ। সৰ্বোচ্চ আদালতে কয় যে যিদিনা তেওঁলোক দোষী সাব্যস্ত হৈছিল সেই সময়ত যি নীতি আছিল তাৰে আধাৰত চৰকাৰে সিদ্ধান্ত ল’ব। সৰ্বোচ্চ আদালতে এই আদেশ দিছিল।’ 

অতিৰিক্ত মুখ্য সচিব (গৃহ) ৰাজ কুমাৰে কয় যে ১১ জন লোকক দোষী সাব্যস্ত কৰাৰ সময়ত বন্দী ৰেহাইক লৈ ১৯৯২ চনৰ নীতি-নিৰ্দেশনা প্ৰযোজ্য হৈ আছিল। তেওঁ আৰু কয়, '১৯৯২ৰ নীতিত শাস্তি ৰেহাইক লৈ কয়দীৰ কোনো বৰ্গীকৰণ কৰা হোৱা নাছিল। তাত কেৱল এইটো কোৱা হৈছিল যে যিসকলে ১৪ বছৰৰ কাৰাবাস সম্পূৰ্ণ কৰিছে সেইসকৰে ইয়াৰ বাবে আবেদন কৰিব পাৰে।’

অতিৰিক্ত মুখ্য সচিব (গৃহ) ৰাজ কুমাৰে জনোৱা মতে ঘটনাটোৰ তদন্ত চিবিআইয়ে কৰাৰ পৰিপ্ৰেক্ষিতত গুজৰাট চৰকাৰে ভাৰত চৰকাৰৰ সৈতেও বিষয়টো সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰিছিল। বিশেষকৈ এনে ক্ষেত্ৰত ৰাজ্য চৰকাৰে নে কেন্দ্ৰ চৰকাৰেহে শাস্তি ৰেহাইৰ সিদ্ধান্ত ল’ব পাৰে সেই সম্পৰ্কে গুজৰাট চৰকাৰে জানি লৈছিল। 'কেন্দ্ৰ চৰকাৰে কৈছিল যে এই ক্ষেত্ৰত শাস্তি ৰেহাইৰ সিদ্ধান্ত ৰাজ্য চৰকাৰেই ল’ব পাৰিব। তাৰ পিছতেই ৰাজ্য চৰকাৰে উক্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল।’

২০১৪ চনৰ শাস্তি ৰেহাই নীতিক আওকাণ কৰিব পাৰি নে?

বিলকিছ বানু গোচৰৰ দোষীক শাস্তি ৰেহাইৰ ক্ষেত্ৰত গুজৰাট চৰকাৰে শেহতীয়া অৰ্থাৎ ২০১৪ৰ নীতিক আওকাণ কৰি ১৯৯২ চনৰ নীতিক আধাৰ হিচাপে গ্ৰহণ কৰিছে। এই সন্দৰ্ভত বিবিচিৰ এক প্ৰতিবেদনত নিজৰ মত দাঙি ধৰিছে দেশৰ এগৰাকী বিশিষ্ট অধিবক্তা মেহমুদ প্ৰাছাই।

দলৱদ্ধ ধৰ্ষণৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে আগতে দলৱদ্ধ ধৰ্ষণৰ শাস্তি যদিহে মৃত্যুদণ্ড নাছিল তেনেক্ষেত্ৰত সেইসময়ত কোনোৱে দলৱদ্ধ ধৰ্ষণ কৰিলে আৰু পিছত দলৱদ্ধ ধৰ্ষণৰ শাস্তিৰ বিধান সলনি হ’লে এই নতুন বিধানৰ প্ৰভাৱ পূৰ্বৰ গোচৰত নাখাটিব। সহজ ভাষাত ক’বলৈ হ’লে কোনো দলৱদ্ধ ধৰ্ষণৰ দোষীক পিছত আইন সলনি হোৱা বাবেই মৃত্যুদণ্ড দিব পৰা নাযাব। অপৰাধ সংঘটিত হোৱাৰ সময়ত যি আইন আছিল সেই আইন অনুসৰিয়েই শাস্তিৰ বিধান দিব পৰা যাব।

কিন্তু তেওঁ স্পষ্ট কৰি দিয়ে যে শাস্তি ৰেহাইৰ ক্ষেত্ৰত এনে কথা প্ৰযোজ্য নহয়। 'যিকোনো ক্ষেত্ৰতেই শাস্তি ৰেহাই এক প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত বিষয়। এই প্ৰক্ৰিয়া সলনি কৰিব পাৰি আৰু ইয়াৰ পূৰ্বব্যাপী প্ৰভাৱ প্ৰযোজ্য হ’ব পাৰে। সেয়ে শাস্তি ৰেহাই প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত বিষয় আৰু ই শাস্তিৰ প্ৰকৃত ৰূপ সলনি নকৰে।’

তেওঁৰ মতে যিহেতু শাস্তিৰ নিৰ্ধাৰিত সময় পূৰ্ণ হ’লে শাস্তি ৰেহাইৰ প্ৰসংগৰ অৱতাৰণা হয় তেনেক্ষেত্ৰত ইয়াৰ জৰিয়তে গলপোষ্ট সলনি কৰাৰ ধাৰণা আহিবই নোৱাৰে। 'শাস্তি ৰেহাইৰ প্ৰশ্ন তেতিয়া আহিব যেতিয়া আপুনি শাস্তিৰ ৰেহাইৰ বাবে আবেদন কৰিবলৈ যোগ্য হৈ পৰিব। সেই সময়ত শাস্তি ৰেহাইৰ যি নিয়ম থাকিব সেই নিয়মমতেই আবেদনৰ সিদ্ধান্ত লোৱা হ’ব। যদিহে ২০১৪ৰ পিছত ৰেহাইৰ আবেদন কৰা হৈছে তেন্তে সিদ্ধান্তৰ ক্ষেত্ৰতো ২০১৪ৰ নিয়মে প্ৰাধান্য পোৱা উচিত।’-অধিবক্তাগৰাকীয়ে কয়।

সমগ্ৰ ঘটনাটোনো কি?

২০০২ চনত গুজৰাটত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ সময়ত আহমেদাবাদৰ সমীপৱৰ্তী ৰণধিকপুৰ গাঁৱত একাংশ উত্তেজিত লোকে ৫ মাহৰ অন্তঃসত্বা বিলকিছ বানুক দলৱদ্ধ ধৰ্ষণ কৰিছিল। তেতিয়া বানুৰ বয়স আছিল প্ৰায় ২০ বছৰ। তাতেই ক্ষান্ত নাথাকি তেওঁৰ ৩ বছৰীয়া কন্যা চালেহাকো নিৰ্মমভাৱে হত্যা কৰিছিল ধৰ্ষণকাৰী দলটোৱে।

২০০৮ চনৰ ২১ জানুৱাৰীত মুম্বাইৰ বিশেষ চিবিআইৰ আদালতে বিলকিছ বানুক দলৱদ্ধ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ ৭ সদস্যক হত্যা কৰাৰ অপৰাধত ১১ অভিযুক্তক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। পৰৱৰ্তী সময়ত সেই নিৰ্দেশ বোম্বে উচ্চ ন্যায়ালয়েও বাহাল ৰাখে।

১৫ বছৰৰো অধিক কাল জেলত কটোৱাৰ অন্তত ১১ অপৰাধীৰ মাজৰ এজন ৰাধেশ্যাম শ্বাহে শাস্তি ৰেহাইৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপে। সৰ্বোচ্চ ন্যায়ালয়ে শাস্তি ৰেহাইৰ ক্ষেত্ৰত গুজৰাট চৰকাৰক সিদ্ধান্ত ল’বলৈ নিৰ্দেশ প্ৰদান কৰে।

ইয়াৰ পিছত গুজৰাট চৰকাৰে এখন সমিতি গঠন কৰে। এই সমিতিখনে ১১ দোষীৰ শাস্তি ৰেহাইৰ পক্ষত সৰ্বসন্মত সিদ্ধান্ত লয় আৰু কেউগৰাকীকে মুকলি কৰি দিয়াৰ যো-জা চলায়। অৱশেষত ১৫ আগষ্টত উক্ত গোচৰত আজীৱন কাৰাদণ্ডৰে দণ্ডিত ১১ দোষীক জেলৰ পৰা মুকলি কৰি দিয়া হয়।

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা পিয়ালি স্বতিজাই আশ্চৰ্য প্ৰকাশ কৰি মন্তব্য কৰিছে যে গুজৰাট চৰকাৰৰ কমিতিখনে এই গোচৰটোৰ দোষীসকলক কিহৰ ভিত্তিত ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া তেওঁৰ বাবে নুবুজা সাঁথৰ হৈ পৰিছে। 

'উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিলে যে গুজৰাট চৰকাৰেহে সিদ্ধান্ত ল’ব পাৰিব। গুজৰাট চৰকাৰে কমিটি গঠন কৰিলে আৰু এই কমিটিখনৰ যথেষ্ট শক্তি আছিল। এই শক্তি চকু মুদি প্ৰয়োগ কৰাতো মুঠেই অনুচিত। তেওঁলোকে চাব লাগিছিল যে অপৰাধৰ ধৰণ কেনে আছিল। যদিহে অপৰাধৰ ধৰণলৈ চাই সিদ্ধান্ত ল’লেহেতেনে তেন্তে মই নাভাবো যে কমিটিখনে এনে সিদ্ধান্ত ল’ব পাৰিলেহেতেন।’-কমিটিখনে চকু মুদি সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তুলি এইদৰে কয় অধিবক্তাগৰাকীয়ে।

প্ৰধানমন্ত্ৰীক বিৰোধীৰ সমালোচনা

বিলকিছ বানু গোচৰৰ ১১ দোষীক মুকলি কৰি দিয়া কাৰ্যক 'অপ্ৰত্যাশিত’ আখ্যা দি প্ৰধানমন্ত্ৰীক তীব্ৰ ভাষাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী কংগ্ৰেছে।  'প্ৰধানমন্ত্ৰীয়ে ১৫ আগষ্টত লালকিল্লাত নাৰী সুৰক্ষা, নাৰী সন্মান, নাৰী শক্তিৰ দৰে ভালৰো ভাল শব্দ ব্যৱহাৰ কৰি ভাষণ দিলে। তাৰ কেইঘণ্টামান পিছতে গুজৰাট চৰকাৰে এনে সিদ্ধান্ত ল’লে যি নে অপ্ৰত্যাশিত আৰু আগতে কেতিয়াও হোৱা নাছিল।’-এইদৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰে কংগ্ৰেছ নেতা পৱন খেড়াই।

১৪ বছৰ শাস্তি ভোগ কৰাৰ পিছত অপৰাধীৰ ভাল ব্যৱহাৰ আৰু অপৰাধৰ ধৰণৰ ওপৰত ভিত্তি কৰি জেলৰ পৰা মুকলি কৰি দিবলৈ সিদ্ধান্ত লোৱা বুলি গুজৰাট চৰকাৰে কৰা মন্তব্যকো তীব্ৰ সমালোচনা কৰে খেড়াই। তেওঁ কয়, 'যদিহে অপৰাধৰ ধৰণৰ কথাই কোৱা হৈছে তেতিয়া কি দলৱদ্ধ ধৰ্ষণ এনে অপৰাধত নপৰে নেকি যে কঠোৰতকৈ কঠোৰ শাস্তি হ’ব নালাগে? এই অপৰাধত শাস্তি যিমানেই কঠোৰ হ’লেও সেয়া কম হোৱা বুলি কোৱা হয়।’

জেলৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ পিছত ১১ অপৰাধীৰ যি ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তাক লৈয়ো প্ৰধানমন্ত্ৰীক জবাবদিহি কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। 'আজি আমি এয়াও দেখিলো যে দলৱদ্ধ ধৰ্ষণকাৰীকো আৰতিৰে আদৰি অনা হৈছে, তিলক দিয়া হৈছে, উষ্ম আদৰণি জনোৱা হৈছে। এয়াই নেকি অমৃত মহোৎসৱ? প্ৰধানমন্ত্ৰীৰ কথা আৰু কামৰ এয়াই মিল। হয়তো প্ৰধানমন্ত্ৰীৰ কথা শুনিবলৈ তেওঁৰ অনুগামীসকলে আৰু তেওঁৰ দলৰ চৰকাৰে বাদ দিছে, নহ’লে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ভাষণত বেলেগ কৈছে আৰু পিছত ফোনত গুজৰাট চৰকাৰক বেলেগ কথা কৈছে।’-খেড়াই কয়। 

বিলকিছ বানুৰ এতিয়া কি হ’ব?

গুজৰাট চৰকাৰে ১১ ধৰ্ষণকাৰীক মুকলি কৰি দিয়াৰ পিছতে বিলকিছ বানুৰ চকুত এতিয়া পুনৰ সজীৱ হৈ পৰিছে ২০ বছৰ পূৰ্বৰ সেই দুৰ্বিসহ অতীত। গুজৰাট চৰকাৰৰ এই সিদ্ধান্তত একপ্ৰকাৰ নিৰ্বাক হৈ পৰিছে দুৰ্ভগীয়া বিলকিছ। 

'যেতিয়াই বাতৰিটো পাইছিলো সেই পুৰণি আঘাতে মোক পুনৰ ভাৰাক্ৰান্ত কৰি তুলিছিল। যিসকলে মোৰ জীৱনটোক নৰকময় কৰি তুলিছিল, মোৰ তিনি বছৰীয়া ছোৱালীজনীক চকুৰ সমুখতে কাঢ়ি নিছিল সেইসকল আজি মুকলি আকাশৰ তলত। মোৰ ক’বলৈ একো ভাষা নাই। মই হতভম্ব হৈ পৰিছো। মই কেৱল এয়াই ক’ব পাৰো যে কোনো মহিলাৰ বাবে ন্যায় কি এনেকৈ শেষ হৈ পৰে? মই আদালতক ভৰসা কৰিছিলো, আইনক ভৰসা কৰিছিলো আৰু এতিয়া মই লাহে লাহে সেই আঘাত লৈ জীয়াই থাকিবলৈ অভ্যাস কৰিছো।’-বিলকিছে সংবাদ মাধ্যমৰ আগত কয়।

তেওঁ আৰু কয়, 'এই অপৰাধীসকলৰ মুক্তিয়ে মোৰ জীৱনৰ পৰা শান্তি আকৌ কাঢ়ি নিছে। মোৰ এনে লাগিছে যেন মোক ন্যায় ব্যৱস্থাই উপহাস কৰিছে। কেৱল মোৰেই নহয়, যিসকল মহিলাই আদালতত ন্যায়ৰ বাবে যুঁজ দি আছে সেই প্ৰতিগৰাকী মহিলাই এতিয়া আদালতত এটা ভয় লৈ উপস্থিত হ’বলগীয়া হ’ব।’

গুজৰাট চৰকাৰৰ সিদ্ধান্তত একপ্ৰকাৰ হতভম্ব হৈ পৰা বানুৱে এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈকো চৰকাৰক আহ্বান জনাইছে। 'এনে এক ডাঙৰ আৰু অন্যায়ৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে কোনেও মোৰ সুৰক্ষা আৰু ভালৰ কথা এবাৰলৈও চিন্তা নকৰিলে। মই গুজৰাট চৰকাৰক এই সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাইছো। অনুগ্ৰহ কৰি মোক বাকী থকা দিনকেইটাত নিৰ্ভয়ে আৰু শান্তিৰে জীয়াই থকাৰ অধিকাৰ ঘূৰাই দিয়ক।’-বিলকিছ বানুৰ চৰকাৰলৈ আহ্বান।