গোৱালপাৰাঃ ৰাজ্যৰ প্ৰায়বোৰ জিলাৰ দৰে গোৱালপাৰা জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগেও কৰ’নাতংকক লৈ সজাগ হোৱা দেখা গৈছে৷ প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে যিকোনো পৰিস্থিতি তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণৰ বাবে সাজু কৰি ৰাখিছে গোৱালপাৰা অসামৰিক চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰ৷ পৰ্যটকৰ লগতে চিকিৎসাধীন ৰোগীসকলৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিছে স্বাস্থ্য বিভাগে৷
সমগ্ৰ বিশ্বতে কৰ’ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা স্বাস্থ্য বিভাগে স্বাস্থ্যকেন্দ্ৰসমূহত দুখনকৈ আছুতীয়া বিছনাৰ ব্যৱস্থা কৰা হৈছে৷ তাৎক্ষণিক ব্যৱস্থা ল’বলৈ সাজু হৈ আছে স্বাস্থ্য বিভাগৰ ১০ টা ৰেপিড ৰেচপন্স টীম৷ ইয়াৰোপৰি গোৱালপাৰা টাউন ৰেল ষ্টেচনত অতিৰিক্ত এটা টীমে বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীসকলক স্কেনৰ ব্যৱস্থা কৰিছে।