নগাঁওঃ “এশ গৰু মাৰিলে বাঘৰো মৰণ”-এই আপ্তবাক্যশাৰী এশ শতাংশই খাপ খাই পৰিল এজন দুৰ্নীতিগ্ৰস্ত কৃষি অভিযন্তা ক্ষেত্ৰত ৷ নগাঁও জিলাত ডেৰ দশকৰো অধিক কাল কাৰ্যনিৰ্বাহ কৰি কৃষকৰ বাবে আবন্টিত বিভিন্ন আঁচনিৰ সামগ্ৰী জালিয়াতিৰে মুকলি বজাৰত বিক্ৰী কৰি সম্পত্তিৰ পাহাৰ গঢ়া কৃষি বিভাগৰ কনিষ্ঠ অভিযন্ত্ৰা লোহিত ভৰালী অৱশেষত পৰিল চি আই ডিৰ জালত ৷
কৃষকৰ তেজ শুহি খুব কম সময়ৰ ভিতৰতে কোটিপটি হৈ পৰিছিল অভিযন্তা ভৰালী ৷ বিগত সময়ছোৱাত নগাঁৱৰ একাংশ ৰাজনৈতিক নেতাক মেনেজ কৰি জিলা কষি বিভাগত ‘উঠি ৰজা বহি ৰজা’ হৈ পৰা বিতৰ্কিত এই অভিযন্তাজনে বিভাগীয়ভাৱে আৱন্টিত ট্ৰেক্টৰ,পাৱাৰটিলা,পাম্প ছেট, ইলেক্ট্ৰনিক মটৰ, স্প্ৰে কুলাৰ আদি সামগ্ৰী জালিয়াতিৰে ভুৱা হিতাধিকাৰীৰ নামত সৰকাই আনি মুকলি বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছিল ৷