কাজিৰঙাঃ বন্দুক নহয়, এইবাৰ হাতত ঝাডু ললৈ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই। পত্নীকলৈ কাজিৰঙা পৰিদৰ্শন কৰিব আহি চেতিয়াই এক সমুহীয়া চাফাই অভিযানত অংশগ্ৰহণ কৰে৷ আলফা নেতাগৰাৰীৰ সৈতে বোকাখাত মহকুমাৰ মহকুমাধিপতি, চক্ৰ বিষয়া আৰু ৰাইজেও ঝাডু ধৰি স্বচ্ছ ভাৰত অভিযানত নামিল।
আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা আলোচনাৰ সন্দৰ্ভতো চেতিয়াই মন্তব্য আগবঢ়ালে৷ আলোচনাৰ গতি অধিক ক্ষীপ্ৰ কৰিবলৈ চৰকাৰে নিয়োগ কৰা দিনেশ্বৰ শৰ্মাই ইতিমধ্যে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি কয়।