ডিজিটেল ৰিপ'ৰ্টঃ ফেচবুক, বৰ্তমান সময়ত বিশ্বৰ সৰ্বত্ৰে জনপ্ৰিয়তা লাভ কৰা এটি ছ’চিয়েল নেটৱৰ্কিং ছাইট। ফেচবুক বুলিয়েই আমাৰ বহুতৰে মনত হয়তো নেতিবাচক ধাৰণাই দেখা দিয়ে। বহু অভিভাৱকে নিজৰ সন্তানক ফেচবুকৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰে। শৈক্ষিক আৰু চাৰিত্ৰিক দিশত আঘাত হানিব পাৰে বুলিয়েই এনে অভিভাৱকে নিজৰ সন্তানক পাৰ্যমানে ফেচবুকৰ পৰা আঁতৰাই ৰাখে।

ইয়াৰ মাজতে, ফেচবুকৰ নেতিবাচক দিশবোৰতকৈ ইতিবাচক দিশসমূহ ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱা পৰিলক্ষিত হৈছে। যি সময়ত ফেচবুকক মুষ্টিমেয় দুষ্ট চক্ৰই অপৰাধ সংঘটিত কৰিবলৈ সহজ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আহিছে তেনে সময়ত  যুৱ প্ৰজন্মৰ বহুতে এই ফেচবুকৰ যোগেদিয়েই সাহিত্য চৰ্চা অথবা অন্যান্য ভালেমান গঠনমূলক বিষয়ৰ আলোচনা-সমালোচনা কৰি মানুহৰ মনত ফেচবুক সম্পৰ্কে এক ইতিবাচক ধাৰণা গঢ় দিবলৈ সক্ষম হৈছে। তেনে কেইগৰাকীমান যুৱক-যুৱতীক লৈয়ে এই প্ৰতিবেদনঃ

অসমৰ বিভিন্ন প্ৰান্তৰ ছয়গৰাকী উদীয়মান যুৱক-যুৱতীয়ে এতিয়া ফেচবুকৰ জৰিয়তে আৰম্ভ কৰিছে বিশেষ সাহিত্য চৰ্চা। ফেচবুকৰ জৰিয়তেই অসমৰ বিভিন্ন প্ৰান্তৰ বহু কবি, লেখকসকলক একগোট কৰিবলৈ সক্ষম হৈছে এই কেইগৰাকী যুৱক-যুৱতীয়ে, ফেচবুকৰ জৰিয়তে অনুষ্ঠিত কৰি আহিছে কবিতা প্ৰতিযোগিতাও।

ফেচবুকৰ এটা বিশেষ জনপ্ৰিয় গোট,  নাম "জিলিকাম লুইতৰে পাৰ"। গ্ৰুপটোৰ সৃষ্টি হৈছিল ২০১৪ চনত। গোটটোৰ এডমিন গোষ্ঠীত বৰ্তমান আছে মুঠ ছয়গৰাকী উদ্যমী যুৱক-যুৱতী ক্ৰমে পংকজ বৰা, সৌৰভ জ্যোতি দত্ত, ভাষ্কৰ জ্যোতি বৰুৱা, জিংকু দৰৱধৰা, জুৰি ৰাজবংশী আৰু পল্লৱী হাজৰিকা

এইসকল অসমৰ বিভিন্ন প্ৰান্তৰ যদিও ফেচবুকৰ জৰিয়তে দীৰ্ঘ দিনৰ পৰা সাহিত্য চৰ্চা কৰি অহাৰ লগতে অসমৰ বহু প্ৰতিষ্ঠিত কবি-লেখকক একত্ৰিত কৰাৰ উপৰিও সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীক এখন মঞ্চত উপনীত কৰিবলৈ সক্ষম হৈছে।

তেওঁলোকে বিভিন্ন সময়ত ফেচবুকতে সদৌ অসম ভিত্তিত কবিতা প্ৰতিযোগিতা পাতি শীৰ্ষ স্থান দখল কৰা কেইবাজনো কবিক নিজৰ গাথিৰ ধন ভাঙি খৰচ কৰি ডাকযোগে মানপত্ৰ, উপহাৰ আদি প্ৰদান কৰি উৎসাহিত কৰি আহিছে।

অলপতে এই গোটে ফেচবুকযোগে আয়োজন কৰা তেনে এক প্ৰতিযোগিতাত শীৰ্ষ দহটা স্থান প্ৰাপ্ত কবি-সাহিত্যকসকলক ডাকযোগে মানপত্ৰ আৰু কিতাপ প্ৰদান কৰে। ইয়াৰোপৰি প্ৰত্যেক দেওবাৰে এই ফেচবুক গ্ৰুপত সাহিত্য জগতৰ লগত জড়িত এটা প্ৰশ্ন কৰি প্ৰশ্নৰ শুদ্ধ উত্তৰ দিওঁতাজনক ৩০ টকাকৈ মোবাইল ৰিচাৰ্জ প্ৰদান কৰি উৎসাহিত কৰি আহিছে।

সম্পূৰ্ণ সক্ৰিয়তাৰে চলাই নিয়া এই ফেচবুক গ্ৰুপটোৱে এতিয়া ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগত গোটটোৰ পৰিচালক মণ্ডলীৰ এই কাৰ্যৰ শলাগ লৈছে সাহিত্য প্ৰেমীসকলে। ফেচবুকৰ জৰিয়তে সাহিত্য চৰ্চা অব্যাহত ৰখা এই সকল যুৱক-যুৱতীয়ে আৰু আগুৱাই যাবলৈ সাহিত্য জগতৰ লগত জড়িত সন্মানীয় লোকসকলৰ সহায়-সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিছে। ৯৬১৩৭০১০৫৪ নম্বৰত যোগাযোগ কৰি "জিলিকাম লুইতৰে পাৰ" নামৰ এই ফেচবুক গোটটোক আগবঢ়াই নিবলৈ সকলোকে পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনাইছে গোটটোৰ পৰিচালকসকলে।