সাংবাদিক সংস্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী। ৰাইজৰ মাজত প্ৰচাৰ পত্ৰ বিতৰণৰ লগতে স্থানীয় বিধায়ক তথা সাংসদৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিক স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ। ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়নৰ বাবে আহ্বায়ক সমিতি গঠন।  

Newsnextone| কাজিৰঙাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী তুলি মঙলবাৰে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ উদ্যোগত এখনি নাগৰিক সভাৰ আয়োজন কৰা হয়। কাজিৰঙাৰ কহঁৰা চাৰিআলিৰ নাট্য মন্দিৰত অনুষ্ঠিত এই সভাত অঞ্চলটোৰ কুৰিটা সংগঠনে অংশগ্ৰহণ কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন গৰাকী নাগৰিকে অংশগ্ৰহণ কৰে। 

কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি স্বপন নাথ আৰু কাৰ্যকৰী সভাপতি নীলপদ্ম শৰ্মাৰ যুটীয়া সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সংস্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি সাহাই কয় যে অসমৰ জাতি-জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব খোজা এই বিধেয়কখন কোনো কাৰণতে গৃহীত কৰিবলৈ দিয়া নহ’ব। অসমৰ সকলো জাতি-জনজাতি-সম্প্ৰদায়, ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন একত্ৰিত হৈ ঐক্যবদ্ধ যুঁজ দিয়াৰ আহ্বান জনায় সাহাই। বিধেয়কখন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, ব্যক্তি বিশেষ নিৰ্বিশেষে সকলো পক্ষই মুকলি বিৰোধিতা কৰিব লাগে বুলি মত পোষণ কৰে সাহাই। 

সভাত উপস্থিত থাকি স্থানীয় নাগৰিক কেশৰাম নাথ, বিপন গগৈ, ফটিক বৰা, চিন্ময় ধৰ, হৰকান্ত গগৈ, দয়াৰাম মাঝি, কালিদাস উপাধ্যায়, ৰেহান আলি, অৰুণ শৰ্মা, লীলা তামূলী আদি বিভিন্ন গৰাকীয়ে মুকলিভাৱে বিধেয়কখনৰ বিৰোধিতা কৰে। অসমীয়া জাতিৰ সাহিত্য, সমাজ আৰু বাৰে ৰহনীয়া কৃষ্টি-সংস্কৃতিত বিৰূপ প্ৰভাৱ পৰিব বুলি নাগৰিক সমাজে মন্তব্য কৰে। এনে প্ৰেক্ষাপটত সকলো জনগণক মাৰবান্ধি ওলাই অহাটো নিতান্তই প্ৰয়োজন বুলি সকলোৱে দোহাৰে। 

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰহ্লাদ বৈষ্ণৱ বৰুৱাই সভাত ভাষণ দি কয় যে অসমৰ সমাজ-সংস্কৃতি-ইতিহাস সলনি কৰি বৃহত্তৰ অসমীয়া জাতিৰ পৰিকাঠামো নিঃশেষ কৰাৰ পৰিকল্পনা কৰা নাগৰিকত্ব সংশোধনী বিধেয়কক আইনলৈ পৰিণত কৰাৰ ষড়যন্ত্ৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰি জনমত গঠন কৰাৰ লগতে ভাৰতীয় সংবিধানৰ ৩৭১ (ক) অনুচ্ছেদ অনুযায়ী নগালেণ্ডক যি ধৰণে বিশেষ মৰ্যদা দিয়া হৈছে অসমকো তেনে মৰ্যদা দিবৰ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ সকলো পক্ষকে একত্ৰিত হ'বলৈও আহ্বান জনায়। 

সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সম্পাদক ৰতন দাৱ, সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ মনোজ প্ৰতিম মহন্ত, কাজিৰঙা জীপ ছাফাৰি সংস্থাৰ সভাপতি তুলসী বৰদলৈ, আটছাৰ কাজিৰঙা উপ-শাখাৰ সভাপতি সুভাষ চাওৰা, কাজিৰঙাৰ কহঁৰা বজাৰ সমিতিৰ হৈ ৰঞ্জিত ৰজকৰ লগতে বিভিন্ন দল-সংগঠনে কয় যে যিকোনো মূল্যৰ বিনিময়তে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰিবৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰা হ'ব। প্ৰথম অৱস্থাত বৃহত্তৰ কাজিৰঙা অঞ্চলত জোঁৰ সমদল, গণ স্বাক্ষৰ অভিযান, ৰাইজৰ মাজত প্ৰচাৰ পত্ৰ বিতৰণৰ লগতে স্থানীয় বিধায়ক তথা সাংসদৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিক স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

নাগৰিক সভাৰ সিদ্ধান্ত মৰ্মে পৰৱৰ্তী ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ বাবে ফটিক বৰা, ৰতন দাৱ, বিপন গগৈ, মনোজ প্ৰতিম মহন্ত, সুভাষ চাওৰা, বিপ্লৱ ৰাজখোৱা, ৰেহান আলি, দেৱকান্ত গগৈ, লীলা তামুলী, প্ৰহ্লাদ বৈষ্ণৱ বৰুৱা, কহঁৰা বজাৰ সমিতি আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ উপস্থিতিত আহ্বায়ক সমিতি গঠন কৰা হয়।