Home অন্যান্য খবৰকাজিৰঙাত কুৰিটা সংগঠনে কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ প্ৰতিবাদ

কাজিৰঙাত কুৰিটা সংগঠনে কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ প্ৰতিবাদ

by News Desk
A+A-
Reset

Newsnextone| কাজিৰঙাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী তুলি মঙলবাৰে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ উদ্যোগত এখনি নাগৰিক সভাৰ আয়োজন কৰা হয়। কাজিৰঙাৰ কহঁৰা চাৰিআলিৰ নাট্য মন্দিৰত অনুষ্ঠিত এই সভাত অঞ্চলটোৰ কুৰিটা সংগঠনে অংশগ্ৰহণ কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন গৰাকী নাগৰিকে অংশগ্ৰহণ কৰে। 

কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি স্বপন নাথ আৰু কাৰ্যকৰী সভাপতি নীলপদ্ম শৰ্মাৰ যুটীয়া সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সংস্থাৰ সম্পাদক ধ্ৰুৱজ্যোতি সাহাই কয় যে অসমৰ জাতি-জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব খোজা এই বিধেয়কখন কোনো কাৰণতে গৃহীত কৰিবলৈ দিয়া নহ’ব। অসমৰ সকলো জাতি-জনজাতি-সম্প্ৰদায়, ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন একত্ৰিত হৈ ঐক্যবদ্ধ যুঁজ দিয়াৰ আহ্বান জনায় সাহাই। বিধেয়কখন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, ব্যক্তি বিশেষ নিৰ্বিশেষে সকলো পক্ষই মুকলি বিৰোধিতা কৰিব লাগে বুলি মত পোষণ কৰে সাহাই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0