Home সংস্কৃতিঅসমীয়া ভাষাটো বৃটিছে জন্ম দিয়া ভাষা বুলি ক’লে জুবিনে

অসমীয়া ভাষাটো বৃটিছে জন্ম দিয়া ভাষা বুলি ক’লে জুবিনে

by News Desk
A+A-
Reset
image

মৰিগাঁওঃ জনপ্ৰিয় গায়ক জুবিন গাৰ্গে শেহতীয়াকৈ “অসমীয়া ভাষাটো বৃটিছে জন্ম দিয়া ভাষা” বুলি ৰাজহুৱাভাৱে কৰা মন্তব্য কৰাত কলিতা জনগোষ্ঠী সন্মিলন, অসমে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সভাপতি ড° ভৱেন চন্দ্ৰ কলিতা আৰু সাধাৰণ সম্পাদক ডা°ৰমেন কুমাৰ কাকতিয়ে এক প্ৰেছ বিবৃতিত এই সন্দৰ্ভত প্ৰকাশ কৰে যে “বৰ্তমান অসমীয়া’ ৰূপে পৰিচিত ভাষাটো মূলতঃ কলিতা সকলৰ জনগোষ্ঠীয় ভাষা৷ ইয়াৰ লগতে এই ভাষাটোৱে অন্য কেইবাটিও জনগোষ্ঠীৰ অৱদানেৰে পুষ্ট হৈ বৰ্তমানৰ পৰিপক্ব আধুনিক ৰূপ পাইছেহি৷ এই সংমিশ্ৰণ আৰু পৰিৱৰ্ধন স্বতঃস্ফূৰ্তভাৱে ঘটিছে৷ কোনেও নতুনকৈ এই ভাষা সৃষ্টি কৰা নায়৷ 

পঞ্চম শতিকাৰ ৰজা সুৰেন্দ্ৰ বৰ্মনৰ উমাচল শিলালিপি, ৰজা বসুন্ধৰ বৰ্মনৰ নগাজৰী শিলালিপি, সপ্তম শতিকাৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ নিধানপুৰ তাম্ৰপত্ৰৰপৰা দ্বাদশ শতিকাৰ ৰজা পৃথুৰ কানাই-বৰশী শিলালিপি, ৰজা সমুদ্ৰ পালৰ আমবাৰী শিলালিপি আদিয়ে এতিয়াৰ ‘অসমীয়া’ নামাংকৃত ভাষাটোৰ গৰিমামণ্ডিত অতীত সুস্পষ্টভাৱে দাঙি ধৰি আছে৷”  ইয়াৰ লগতে সন্মিলনৰ নেতাদ্বয়ে জুবিন গাৰ্গক ব্ৰহ্মপুত্ৰ উপত্যকাৰ ইতিহাস, প্ৰাগ-ঐতিহাসিক প্ৰাগজ্যোতিষ ৰাজ্য, প্ৰাচীন কামৰূপ ৰাজ্য, ৰজা ভগদত্ত, ৰজা কুমাৰ ভাস্কৰ বৰ্মা আদিৰ বিস্তৃত ইতিহাস অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে যথোপযুক্ত অধ্যয়ন নকৰাকৈ নিজৰ ক্ষেত্ৰৰ বাহিৰৰ বিষয়ত অযথা ভুল মন্তব্যৰে জনগোষ্ঠীয় অনুভূতিত আঘাট হানিব যোৱাতকৈ, নিজৰ সংগীত ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0