newsnextone। নগাঁওঃ শুকুৰবাৰে নিশা ১০.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে কেৱলীয়া ভকত, গুৰুজনাৰ একান্ত সেৱক, বৈষ্ণৱ পণ্ডিত তথা এইগৰাকী শংকৰী কৃষ্টি-সংস্কৃতিৰ সাধকে। মৃত্যুৰ সময়ত তেওঁৰ বয়স প্ৰায় ৭৫ বছৰ।

বিগত কিছুদিনৰ পৰা ৰোগগ্ৰস্ত আতৈগৰাকীক বটদ্ৰৱা থানতে চিকিৎসকৰ তত্বাবধানত চিকিৎসাসেৱা প্ৰদান কৰি থকা হৈছিল৷ উল্লেখ্য যে, বটদ্ৰৱা থান খনৰ আত্মাস্বৰূপ যোগেশ আতৈ কাহিলি পুৱাৰে পৰা নিশা এপৰলৈ থানৰ ১৪ প্ৰসংগৰ গুৰি ধৰি থকাৰ উপৰিও মূল ভড়ালীৰ গুৰু দায়িত্ব অতি নিষ্ঠা আৰু ভক্তিভাবেৰে পালন কৰি আহিছিল ৷ এমাহ আগলৈকে এই সকলোবোৰ কাৰ্য সূচাৰুৰূপে পালন কৰি গৈছিল আতৈয়ে।

আতৈ গৰাকীৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে শ’লগুৰি আৰু নৰোৱা সত্ৰৰ সমূহ ভকত-বৈষ্ণৱ, আইমাতৃ তথা ৰাইজ তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ঢাপলি মেলিছে ৷