newsnextone.com | ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷
মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এতিয়া জ্বলিব ধৰিছে সমগ্ৰ ৰাজ্য৷ বিধেয়কখনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল বিশিষ্টা লেখিকা জুৰি বৰা বৰগোঁহাঞি৷ বিধেয়কখন বাতিলৰ দাবীত লেখিকাগৰাকীয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ৰ চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত একক প্ৰতিবাদ সাব্যস্ত কৰে৷