15
Feb
2017

মুম্বাইঃ জনপ্ৰিয় মাৰ্কিন পপ তাৰকা জাষ্টিন বাইবাৰৰ ভাৰতস্থিত অনুৰাগীৰ বাবে সু-খবৰ। কিয়নো পাৰ্পাছ ৱৰ্ল্ড ট্যুৰৰ বাবে ১০ মে’ত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে মায়ানগৰী মুন্বাইত উপস্থিত হ’ব।
২২ বছৰীয়া গ্ৰেমী পুৰস্কাৰ বিজেতা কণ্ঠশিল্পীয়ে নেভী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ট্যুৰৰ আয়োজক হোৱাইট ফক্স ইণ্ডিয়াৰ প্ৰকাশিত এক তথ্য অনুসৰি কণ্ঠশিল্পীগৰাকীয়ে ভাৰতৰ উপৰিও এছিয়া মহাদেশৰ ইজৰাইলস্থিত টেল আবিব আৰু সংযুক্ত আৰব এমিৰেটস্থিত ডুবাইত নিজৰ অনুষ্ঠান পৰিৱেশন কৰিব।
আগন্তক ২২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠানৰ টিকট বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হ’ব। টিকটৰ প্ৰাৰম্ভিক মূল্য ৪০০০ টকা। কণ্ঠশিল্পীগৰাকীয়ে ‘হু আৰ ইউ নাও’¸ ‘বয়ফ্ৰেণ্ড’¸ ‘লভ ইউৰছেল্ফ’ আদি জনপ্ৰিয় গীত অনুৰাগীৰ সন্মুখত পৰিৱেশন কৰিব।