ডিব্ৰুগড়ঃ গণতন্ত্ৰ চতুৰ্থ স্তম্ভক টনকীয়াল কৰিব ৰাখিবলৈ কাম কৰি অহা উজনি অসমৰ যুৱ সাংবাদিক তথা সমাজসেৱক জ্যোতিষ কুমাৰ পাতিৰৰ এখন গ্ৰন্থ সোমবাৰে প্ৰকাশ পায়৷ ঘাত-প্ৰতিঘাটৰ মাজেৰে সাধাৰণ জীৱন-নিৰ্বাহ কৰি অহা জ্যোতিষ কুমাৰ পাতিৰে যোৱা দুটা বছৰে অশেষ কষ্টৰে দিন-ৰাতি একাকাৰ কৰি গ্ৰন্থ খন প্ৰকাশ কৰি উলিয়াইছে৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ দধীয়া কুলিগাঁৱৰ নন্দপাল পাতিৰ অাৰু প্ৰভাৱতী পাতিৰৰ পুত্ৰ, যুৱ সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰে ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত গ্ৰন্থ খন উন্মোচন কৰে৷
‘ডিব্ৰু-ছৈখোৱাৰ বুকুত দধীয়া-লাইকাৰ ৰোদন আৰু বিপন্ন অৰণ্য’ নাম গ্ৰন্থ খন বিশিষ্ট লেখক, সাহিত্যিক ড০ শশীকান্ত শইকীয়াই উন্মোচন কৰে৷ অনুষ্ঠানত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তী, সম্পাদক মানসজ্যোতি দত্ত, ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক ৰমেশ শইকীয়া, আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, ডিব্ৰুগড় সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া ড০ পবিত্ৰ কুমাৰ পেগু, বিশিষ্ট লেখক বৌউনাথান গগৈ, অধিবক্তা তথা সদৌ অসম মুছলিম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মুক্তাৰ আহমেদ চৌধুৰী, ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ইন্দ্ৰ গগৈ, সাধাৰণ সম্পাদক দিলীপ সিং, অধ্যাপক তথা লেখক ড০ লোহিত শইকীয়াকে ধৰি বহুকেইগৰাকী গণ্য-মান্য লোক উপস্থিত থাকে।