ডিজিটেল ডেস্কঃ প্রায় এক দশক ধৰি যি গৰাকী মহিলাই মন্দিৰৰ সমুখত হাত পাতি ভিক্ষা খুজিছিল, মঙলবাৰে পুৱা সেই মন্দিৰটোৰে উন্নয়ণৰ বাবে দান কৰিলে টকা কেইটা। ভিক্ষা খুজি পোৱা ২ লাখ ৫০ হাজাৰ টকা দান কৰিলে এগৰাকী বৃদ্ধাই৷ ৮৫ বছৰীয়া ভিক্ষাৰী মহিলাগাৰীকৰ এই কাণ্ডত আঁচৰিত হৈ পৰে৷
এসময়ত দক্ষিণ ভাৰতৰ মাইচুৰুত ভায়েক আৰু ভাইবোৱাৰীৰ লগত আছিল সীতালক্ষ্মী নামৰ বৃদ্ধাগৰাকী। কিন্তু দিন যোৱাৰ লগে লগে ভায়েকহঁতৰ বাবে গলগ্রহ হৈ পৰে সীতালক্ষ্মী। প্ৰথমতে লোকৰ ঘৰত কাম কৰিবলৈ আৰম্ভ কৰে, কিন্তু পিছলৈ বয়স আৰু শৰীৰে লগ নিদিয়াত বাধ্য হৈ ভন্টিকোপ্পাল প্রসন্ন অঞ্জনেয় স্বামীৰ মন্দিৰৰ সমুখত বহি ভিক্ষা খুজিবলৈ আৰম্ভ কৰে।