87
কোকৰাঝাৰঃ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত সোমবাৰৰ পৰা আৰম্ভ হৈছে বাবা ৰামদেৱৰ তিনিদিনীয়া বিনামুলীয়া যোগ প্ৰশিক্ষণ শিবিৰ। সোমবাৰে পুৱা ৫ বজাৰ পৰা ৭ বজালৈ অনুষ্ঠিত হোৱা বাবা ৰামদেৱৰ যোগ শিবিৰত ৰাজনৈতিক নেতা, ভক্তকে ধৰি কেবা সহস্ৰাধিক লোক উপস্থিত থাকি বাবা ৰামদেৱৰ সতে যোগৰ অনুশীলন কৰি সুস্বাস্থ্য ধৰি ৰখাত সংকল্পবদ্ধ হয়।
