ডিজিটেল ডেস্কঃ মাত্ৰ ৪০ মিনিটৰ এটা ভাষণ। সেয়া কোনো এলা-পেচা মানুহৰ ভাষণ নহয়। সেই ভাষণ আছিল আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। সেই ভাষণে স্তব্ধ কৰিছিল সমগ্ৰ দেশ৷ স্তব্ধ হৈ পৰিছিল দেশৰ সম্পূৰ্ণ অৰ্থনীতি৷ প্ৰায় ভাগৰে মুৰত পৰিছিল মাধমাৰ৷
কোনো আগজাননী নহোৱাকৈ প্ৰধানমন্ত্ৰী মোডীৰ সেই ৪০ মিনিটৰ ভাষনতেই হঠাৎ বন্ধ হৈ পৰিছিল দেশৰ সকলোতকৈ বেচি প্ৰচলিত ৫০০ আৰু ১০০০ টকীয়া নোট৷ কলা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিৰে কৰা এই নোট বন্দীত বন্দী হৈ পৰিল যেন দেশৰ জনতা৷