খেৰণিঃ নিৰ্বাচন নৌহওঁতেই আত্মবিশ্বাস তুংগত উঠিল একাংশ বিজেপি নেতা-কৰ্মীৰ। সমাগত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ জিলাখনৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ তীব্ৰ গতিত নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তে আজি বিজেপিৰ নিৰ্বাচনকেন্দ্ৰিক এখন দলীয় জৰুৰী বৈঠক ডংকামোকামত অনুষ্ঠিত হয়৷ কাৰ্বি পৰিষদীয় ৮ নং হামৰেণ সমষ্টিত নেৰানেপেৰাকৈ বিজেপিয়ে চলাই থকা নিৰ্বাচনী প্ৰচাৰ আৰু সমষ্টিটোত বিজেপিয়ে পাবলগীয়া ভোট সম্পৰ্কে বিতং আলোচনা কৰা হয় এই বৈঠকত৷
পৰিষদীয় ৮ নং হামৰেণ সমষ্টিত গঠন কৰা বিজেপিৰ নিৰ্বাচন পৰিচালনাৰ সমিতি আৰু সমষ্টিটোৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী মংগলছিং তিমুং আৰু বুথ পৰ্যায়ৰ কমিটিৰ মাজত বৈঠকত হয় এনে আলোচনা৷ এই আলোচনা আৰু বিভিন্ন পৰ্যালোচনাৰ অন্তত সমষ্টিটোৰ পৰা বিজেপিৰ জয়ী নিশ্চিত হ’ব বুলি একপ্ৰকাৰ ঠিৰাং কৰে বৈঠকত উপস্থিত থকা নেতা-কৰ্মী আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে৷