ডিজিটেল ডেস্কঃ বলিউডক অনুসৰণ কৰিব ওলাইছে হলিউডে৷ ঋত্বিক ৰোশন আৰু য়ামী গৌতম অভিনীত ’কাবিল’ৰ নিৰ্মাণ হ’ব হলিউডত৷ মিড ডে পত্ৰিকাত প্ৰকাশ হৈছে এই খবৰ৷ 

চলচিত্ৰখনৰ পৰিচালক সঞ্জয় গুপ্তাইও এই খবৰৰ সত্যতা প্ৰকাশ কৰিছে৷ পৰিচালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে 20th century Fox য়ে এই প্ৰস্তাৱ ঋত্বিকলৈ আগবঢ়াইছে৷  

উল্লেখ্য যে বৰ্তমান নিউইয়ৰ্ক আছে অভিনেতাজন৷ ভাৰতলৈ আহি সমগ্ৰ বিষয়টো পিতৃৰ সৈতে আলোচনা কৰিব ঋত্বিকে৷ স্বাভৱিকতে এই খবৰে আনন্দিত কৰি তুলিছে কাবিলৰ সমগ্ৰ টিমটোক৷ অৱেশ্য ছবিখনত ঋত্বিক থাকিবনে নাই এই কথাটো এতিয়ালৈ স্পষ্ট হোৱা নাই৷