ডিজিটেল ডেস্কঃ ২০১৭ চনৰ আগষ্ট মাহৰ কথা৷ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বি আৰ ডি হাস্পতালত আচম্বিতে সৃষ্টি হৈছিল বিভীষিকাৰ। হাস্পতালখন পৰ্যবসিত হৈছিল যমপুৰীলৈ। চৌদিশে পীড়িত শিশুৰ মৰণকাতৰ ক্ৰন্দন, অভিভাৱকৰ আৰ্তনাদৰ মাজতে এগৰাকী চিকিৎসকে ভগৱান হৈ পৰিছিল ৰোগী আৰু অভিভাৱকৰ বাবে৷
বিভীষিকাৰ সেই সময়ছোৱাতে কিন্তু হাস্পতালখনত আৱিৰ্ভাৱ ঘটা ভগৱান ৰক্ষা কৰিলে নিষ্পাপ কণমানিৰ প্ৰাণ। তেজ-মঙহৰ ভগৱানৰ বাবেই ৰক্ষা পৰিল বহু কণমানিকৰ মৃত্যু হ’ল যদিও বহু কণমানিৰ প্ৰাণ ৰক্ষা পৰিছিল। সকলোৱে ঈশ্বৰ আখ্যা দিয়া লোকজনৰ নাম ডাঃ কাফিল খান।