73
গোসাঁইগাঁওঃ গোসাঁইগাঁও মহকুমাৰ ১ নং ছেৰফাংগুৰিৰ কালিমন্দিৰৰ মুৰ্তিটো দুৰ্বৃত্তই শুকুৰবাৰে ভাঙি চুৰমাৰ কৰিছে। শুকুৰবাৰে গাঁওখনৰ এগৰাকী যুৱতীয়ে মন্দিৰত পূজা দিবলৈ আহি কালিমুৰ্তিৰ শিৰ ভঙা অৱস্থাক প্ৰত্যক্ষ কৰে৷
কালিমুৰ্তিৰ শিৰ ভঙাৰ খবৰটো বিয়পি পৰাৰ লগে লগে গাঁওখনত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়। ক্ষণিকতে মন্দিৰ চৌহদ লোকে লোকাৰণ্য হৈ পৰে।