newsnextone.com | কলিয়াবৰঃ কাৰ্বি আংলঙৰ ডকমকাত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদ অব্যাহত আছে৷ নগাঁও জিলাৰ কলিয়াবৰত সোমবাৰে কলিয়াবৰ মহাবিদ্যালয়ৰ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে মৌন সমদল উলিয়াই৷ মৌন সমদল উলিয়াই নিলোৎপল-অভিজিতক হত্যাকাণ্ডৰ ন্যায় বিচাৰে যুৱক-যুৱতীসকলে৷
৩৭ন ৰাষ্ট্ৰীয় ঘাইপথৰ কুঁৱৰীটোলৰ পৰা মহকুমাধিপতি কাৰ্যালয়লৈ মৌন সমদল উলিয়াই নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত লোকসকলৰ গোচৰৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰি শাস্তি প্ৰদান কৰাৰ লগতে শিল্পী দুজনক শ্বহীদ ঘোষণা কৰাৰ দাবী জনায় ছাত্ৰ-ছাত্ৰীসকলে৷