কালুগাওঁঃ শলগুৰি মৌজাৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশনখন দুদিনীয়া কাৰ্যসূচীৰে শলগুৰি নাট্যমন্দিৰত অনুষ্ঠিত হয়। অধিৱেশনৰ কাৰ্যসূচী অনুসৰি ২৯ এপ্ৰিলৰ পুৱা পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি গণেশ বৰাই।
স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্মীনাথ দুৱৰাই, গছপুলি ৰোপণ কৰে বনগঞা সত্ৰৰ সত্ৰাধিকাৰ ললিত গোস্বামীয়ে। জীৱেশ্বৰ আৰন্ধৰা সোঁৱৰণী তোৰণ উন্মোচন কৰে সমাজসেৱক বিৰেশ্বৰ গগৈয়ে। ইয়াৰ পিছতেই মিলি-জুলি মহিলা সকলে জেং বিহু প্ৰদৰ্শন কৰে। দুপৰীয়া সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিনন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভা উদ্বোধন কৰে শিৱসাগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক প্ৰেম গগৈয়ে।