কামপুৰঃ নগাঁও জিলাৰ কপিলী আৰু বৰপানী নদীৰ ভয়াৱহ বানত প্ৰতিবছৰে ক্ষতিগ্ৰস্থ হয় কামপুৰবাসী। প্ৰতিবছৰে ভয়াৱহ বানপানীৰ ফলত জীৱন আৰু সম্পত্তিৰ ব্যাপক ক্ষতি হোৱাৰ লগতে কৃষি অঞ্চলটোৰ কৃষকক সৰ্বস্বান্ত কৰি থৈ যায়।
নৈৰ কাষত থকা ৩০খন গাঁৱৰ কৃষকৰ বৰোধানৰ খেতিয়ে প্ৰধান। বৰোধানৰ খেতি কৰিয়েই কৃষকসকলে বছৰৰ ভাতমুঠি উলিয়াই। শেহতীয়াকৈ হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে বৰপানী নৈৰ জলপৃষ্ঠ। বৰপানী নৈৰ বাঢ়নী পানীয়ে কাষৰীয়া কৃষি পথাৰৰ খেতি নষ্ট কৰাৰ আশংকাত চৰকাৰ তথা জনপ্ৰতিনিধিলৈ বাট নাচাই দিনে নিশাই কামপুৰ চেঙাজান বৰপানী গৰৈমাৰীৰ ৩০খন গাঁৱৰ ৰাইজে বান্ধিলে বৰপানী নৈৰ বান্ধ।