ডিজিটেল ডেস্কঃ মণিকৰ্ণিকা-দা কুইন অফ ঝাঁসী চলচিত্ৰখনৰ শ্বুটিঙত আহত হ’ল অভিনেত্ৰী কংগনা ৰাণাৱত৷ এটা একছন দৃশ্যৰ শ্বুটিঙত সহ অভিনেতা নিহাৰ পাণ্ডেৰ লগত তৰোৱাল সহ যুদ্ধ কৰোতেই এই দুৰ্ঘটনা সংঘটিত হৈছে৷  

নিহাৰে তলোৱাৰেৰে আক্ৰমণ ভংগীমা দৰ্শাওতেই ভুলবশতঃ কংগনাৰ শিৰত লাগে তৰোৱালখন৷ ফলত থিতাতে তেজেৰে ৰাঙলি হৈ পৰে অভিনেত্ৰীগৰাকী৷

ততালিকে কংগনাক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত৷ কংগনাই শিৰত গুৰুতৰ আঘাত পোৱা বুলি অনুমান কৰা হৈছে৷ হাইদাৰাবাদত শ্বুটিং চলি আছিল চিনেমাখনৰ৷