ডিজিটেল ডেস্কঃ আইফা এৱাৰ্ডছৰ মজিয়াত অভিনেত্ৰী কংগনা ৰাণাৱটক ঠাট্টা কৰি এতিয়া পস্তাইছে পৰিচালক কৰণ জোহৰে৷ উক্ত অনুষ্ঠানত কৰণ, অভিনেতা চেইফ আলী খান আৰু বৰুণ ধৱনে 'নেপ’টিজিম ৰকছ’ (পৰিয়ালবাদ) বুলি ধ্বনি দিছিল৷ 

কৰণ জোহৰৰ ’কফি উইথ কৰণ’ নামৰ অনুষ্ঠানটোত আহি বলিউডত চলি থকা পৰিয়ালতন্ত্ৰবাদক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল কংগনাই৷ তদুপৰি কৰণ জোহৰক উক্ত নেপ’টিজিমৰ মুখ্য সমৰ্থক বুলি অভিহিত কৰিছিল৷ তদুপৰি নিৰ্দেশকগৰাকীয়ে বলিউদত বৰ্তমান নেপ’টিজিম বৃদ্ধি কৰা বুলি উল্লেখ কৰিছিল কুইন কংগনাই৷ 

ইয়াৰ পিছতেই দুয়োজনৰ মাজত চলে বাক-বিতণ্ডা৷ বহু অভিনেতাই কংগনাৰ কথাক সমৰ্থন কৰিছিল৷ আনহাতে বহুতে সমালোচনা কৰে অভিনেত্ৰীগৰাকীক৷ বিষয়টো লৈ গৰম হৈ আছিল বলিউডৰ মছলা৷ 

শেহতীয়াকৈ আইফাৰ মজিয়াত এই কাম কৰাৰ পিছত এই কাম কৰা উচিত নাছিল বুলি উল্লেখ কৰিছে কৰণ জোহৰে৷ সংবাদ মাধ্যমৰ আগত নিৰ্দেশকগৰাকীয়ে কয় যে তেওঁ নেপ’টিজিমৰ বাবে কাম নকৰে৷ 

আইফাৰ ঘটনাটো ধেমালী আছিল যদিও উক্ত কাম সঠিক নাছিল বুলি উল্লেখ কৰিছে কৰণ জোহৰে৷ আনহাতে এই ঘটনাই ধুমুহাৰ সৃষ্টি কৰিছে ছ’চিয়েল মিডিয়াত৷ এই কাৰ্যৰ বাবে এতিয়া অনুৰাগীৰো সমালোচনাৰ সন্মুখীন হৈছে কৰণ, চেইফ আৰু বৰুণ৷