Home অন্যান্য খবৰবোকাজানৰ বালিপথাৰত ভয়াৱহ পথ দুৰ্ঘটনাত ২ জন নিহত, আহত ৩

বোকাজানৰ বালিপথাৰত ভয়াৱহ পথ দুৰ্ঘটনাত ২ জন নিহত, আহত ৩

by News Desk
64 views
A+A-
Reset

কাৰ্বি আংলংঃ বোকাজান মহকুমাৰ বালিপথাৰত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাটোত ২ জন ব্যক্তি থিতাতে নিহত হয় আৰু ৩ জন গুৰুতৰভাৱে আহত হয়৷ ঘটনাৰ বিৱৰণী মতে, বোকাজান ৰে’লৱে ষ্টেছনৰ সহকাৰী অধীক্ষক জ্ঞান প্ৰসাদে নিজ পত্নী আৰু দুই পুত্ৰসহ দিনৰ প্ৰায় ১১ বজাত বোকাজান নগৰৰপৰা এখন অট’ত দেওপানী মন্দিৰৰ অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰপৰা অহা এখন মহেন্দ্ৰ বলেৰ’ পিক আপ গাড়ীয়ে অট’খনত সম্মুখৰপৰা প্ৰছন্দ জোৰে খুন্দা মাৰে। 

যাৰ ফলত অট’খনত থকা মহিলাসহ ৫ জন আৰোহীৰ ভিতৰত ২ জন থিতাতে নিহত হয়। নিহত দুজনৰ নাম অট’খনৰ চালক বিজয় চৌধুৰী আৰু যাত্ৰী জ্ঞান প্ৰশাদ। নিহত জ্ঞান প্ৰসাদৰ পত্নী সৰুজ প্ৰসাদসহ দুই পুত্ৰ ক্ৰমে অমন প্ৰসাদ আৰু চুহিল প্ৰসাদ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আৰু আটাইকে ১০৮ ৰ জৰিয়তে বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0