Home অন্যান্য খবৰশান্তিপুৰত সেনা জোৱানৰ আত্মহত্যা

শান্তিপুৰত সেনা জোৱানৰ আত্মহত্যা

by News Desk
A+A-
Reset
a14aa67c-1222-45d0-ac6f-07bf1acc9b50

কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত শান্তিপুৰত শনিবাৰে সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা৷ মহকুমাটোৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামবৰ বাগান এলেকাৰ মিলনপুৰ অঞ্চলৰ বাসিন্দা প্ৰয়াত কানু শইকীয়াৰ পুত্ৰ জীতেন শইকীয়াই (৩৬) আজি নিজ বাসগৃহৰ পিছফালৰ বাৰিত এজোপা গছত চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

শিলচৰত ভাৰতীয় সেনাবাহিনীত কৰ্মৰত শইকীয়াই ৮ দিনৰ চুটি লৈ ৬ জুন তাৰিখে ঘৰলৈ আহিছিল আৰু পত্নীৰ লগত পাৰিবাৰিক অশান্তিৰ বাবেই শইকীয়াই আত্মহত্যাৰ দৰে পথ বাচি লয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয়৷ আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে শইকীয়াৰ আত্মহত্যাৰ বিষয়ে জানিব পাৰি বৰপথাৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰাত আৰক্ষীয়ে বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো গছৰ পৰা নমাই আনে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0