খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত ভোটাৰৰ মন জয় কৰাৰ বাবে ইমুৰৰ পৰা সিমুৰলৈ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান।
তেনেই এক নিৰ্বাচনী যুঁজৰ প্ৰস্তুতি হিচাপে কাৰ্বি পৰিষদৰ অধিনস্থ ৬ নং বিথুং ৰেংথেমা সমষ্টিৰ ৰংক্লিৰদাপ চৰন টেৰাং গাঁৱত আৰু ১ নং কাৰ্বি ৰংচপি ক্ৰ’ গাওঁত স্থাপন কৰা নিৰ্বাচনকেন্দ্ৰীক বিজেপিৰ অস্থায়ী কাৰ্য্যালয়ৰ দুৱাৰ আনুষ্ঠানিকভাৱে বিজেপিৰ পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিৰ প্ৰাৰ্থী তথা কাৰ্বি পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুকলি কৰে৷