খাৰুপেটীয়াঃ দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত মণ্ডলপাৰা গাঁৱৰ এটি ৰাজহুৱা ব্যস্ত পথৰ জৰাজীৰ্ণ অৱস্থাই ত্ৰাহিমধুসুদন সোৱৰাইছে অঞ্চলবাসীক ৷ চৰকাৰক কাকুতি মিনতি কৰি ফল নধৰাত ৰাইজে যাতায়তৰ সুবিধাৰ বাবে শ্ৰমদানেৰে মেৰামতি কৰিলে পথটো।
ক্ষুব্ধ ৰাইজে ক্ষোভ উজাৰি জনপ্ৰতিনিধি সকলে নিৰ্বাচনৰ সময়ত পথ নিৰ্মানৰ প্ৰতিশ্ৰুতি দি ভোট হে লয় বুলি কয়। দেশ স্বাধীন হোৱাৰ পিছত দলগাঁও সমষ্টিৰ প্ৰতিনিধিত্ব কৰি আহিছে ক্ৰমে বিধায়ক মতলিব উদ্দিন, আনোৱাৰা টাইমুৰ, আব্দুল জব্বাৰ আৰু বৰ্তমানৰ বিধায়ক ইলিয়াছ আলী।