খেৰণিঃ আসন্ন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনকেন্দ্ৰীক ধুমুহাই প্ৰায় এমাহজুৰি সমগ্ৰ কাৰ্বি আংলঙৰ পৰিৱেশ গৰম কৰি তুলিছিল যদিও আজিৰে পৰা শান্ত হ’ল পাৰ্বত্য ভূমি কাৰ্বি আংলঙৰ পৰিৱেশ৷ শেষ হ’ল কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে বান্ধি দিয়া সময়সীমা, অন্ত পৰিল পৰিষদীয় নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অভিযান৷
নিশ্চিত ৰূপত ৰাজনৈতিক দলসমুহৰ মাজত কঠোৰ ভাষাৰে চলা আক্ৰমণ-প্ৰতিআক্ৰমণৰ যি দৃশ্য সেয়া জিলাখনত ইতিমধ্যে শেষ হোৱা পৰিলক্ষিত হৈছে যদিও হয়তো বাকী ৰৈছে এতিয়া দলসমূহৰ মাজত শেষ নিশাৰ খেল খেলিবলৈ৷ তাৎপৰ্যপূৰ্ণ যে য’তেই যিয়েই যি নহওঁক বা নকৰক কিয়, জিলাখনত কিন্তু কোনো নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত নোহোৱাকৈ শান্তিপূৰ্ণভাৱে পাৰ হ’ল নিৰ্বাচনী প্ৰচাৰ ধুমুহা৷