ডিফুঃ আকৌ উত্তপ্ত হৈ পৰিব পাৰে কাৰ্বি পাহাৰ। কাৰ্বি স্বায়ত্ব পৰিষদৰ ভোটাৰ তালিকা সংশোধনকে আদি কৰি একাধিক দাবী সন্দৰ্ভত আজি পৰিষদৰ সন্মিলন কক্ষত ২৫টা সংগঠন আৰু স্বায়ত্ব পৰিষদ কৰ্তৃপক্ষৰ মাজত অনুষ্ঠিত হোৱা বৈঠক বিফল হোৱাৰ পিছতে এয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।
স্বায়ত্ব পৰিষদ কৰ্তৃপক্ষৰ আমন্ত্ৰণত অনুষ্ঠিত আলোচনাত সংগঠনকেইটাই দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা দাবীসমূহৰ সমৰ্থনত যুক্তি দাঙি ধৰে। কিন্তু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৯-২০১৭ নম্বৰৰ পি আই এলৰ কথা উল্লেখ কৰি বিষয়টো ন্যায়ালয়ৰ বিচৰাধীন হৈ থকাত সেই বিষয়ে মন্তব্য দিয়াতো অসম্ভৱ বুলি কৈ সভা কক্ষ ত্যাগ কৰে।