Home অন্যান্য খবৰকাৰ্বি আংলঙতো প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্ড বিতৰন

কাৰ্বি আংলঙতো প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্ড বিতৰন

by News Desk
A+A-
Reset
karbi

newsnextoneখেৰণি, ৯ অক্টোবৰঃ সাৰ্বজনীন স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হোৱা আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ আঁচনিখনৰ শুভাৰম্ভ হোৱাৰ পিছতেই এতিয়া দেশৰ লগতে অসম ৰাজ্যতো বিশেষ তৎপৰতাৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড হিতাধিকাৰীৰ মাজত বিতৰণ কৰা পৰিলক্ষিত হৈছে। আচঁনিৰ অধীনত স্বাস্থ্য বিভাগৰ জৰিয়তে ইতিমধ্যে অসম চৰকাৰে ৰাজ্যখনৰ চহৰ অঞ্চলৰ লগতে গ্ৰামঞ্চলৰ চুকে-কোণে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড প্ৰদান কৰাৰ বাবে বিভিন্ন প্ৰকাৰৰ মাধ্যম তথা ব্যৱস্থা হাতত লৈছে। কাৰ্বি আংলঙতো কাৰ্বি পৰিষদৰ অধীনত থকা আনবোৰ সমষ্টিৰ দৰে পৰিষদীয় ৯ নম্বৰ আমৰেং আৰু ৭ নম্বৰ কপিলি সমষ্টিতো ইতিমধ্যে নিৰ্বাচিত হোৱা হিতাধিকাৰীৰ মাজত এই কাৰ্ড বিতৰণ কৰাৰ উদ্দেশ্যেৰে যুটীয়াভাৱে আজি মাইলুত এখন প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্ড বিতৰণি সভা আয়োজন কৰে স্বাস্থ্য বিভাগে। আয়োজিত এই প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ কাৰ্ড বিতৰণি সভাত অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ পৰিষদীয় সদস্য তথা উল্লেখিত সমষ্টি দুটাৰ জনপ্ৰতিনিধি ক্ৰমে ৰিণা তেৰাংপি আৰু পৱন ৰয় উপস্থিত থকাৰ বিপৰীতে ৭ নম্বৰ কপিলি সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ হনছিং টেৰাং, আশা-কৰ্মী, স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ লগতে শতাধিক হিতাধিকাৰী উপস্থিত থাকে এই সভাত। আৰু সভাৰ যোগেদি নিৰ্বাচিত হিতাধিকাৰীসকলৰ মাজত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ কাৰ্ড বিতৰণ কৰি আঁচনিখনৰ সন্দৰ্ভত পৰিষদীয় সদস্য ৰিণা তেৰাংপিয়ে কয় যে এই যোজনাৰ অধীনত তালিকাভুক্ত হোৱা প্ৰতিটো পৰিয়ালকে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৫ লাখ টকালৈকে নগদবিহীন চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ’ব। বিপৰীতে চিকিৎসা সেৱা গ্ৰহণ কৰিব বিচৰা ব্যক্তিজনে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ কাৰ্ডৰ লগতে নিজৰ পৰিচয় পত্ৰ চিকিৎসালয়ত থকা ‘আয়ুষ্মান মিত্ৰ”ক দেখুৱাব লাগিব বুলি কয় ৷ এই নগদবিহীন চিকিৎসা সেৱা প্ৰথম পৰ্যায়ত ১৫ অক্টোবৰৰ পৰা সকলো চিকিৎসা মহাবিদ্যালয়ত আৰু নিৰ্বাচিত ১২১ খন বেচৰকাৰী চিকিৎসালয়ত উপলব্ধ হ’ব৷ দ্বিতীয় পৰ্যায়ত ১ নৱেম্বৰৰ পৰা ৰাজ্যৰ সকলো জিলা চিকিৎসালয়ত আৰু তৃতীয় পৰ্যায়ত ১৫ নৱেম্বৰৰ পৰা সকলো সমূহীয়া চিকিৎসালয় কেন্দ্ৰতো উপলব্ধ হ’ব বুলিও কয় ৷ গতিকে দুখীয়া ৰাইজে এতিয়াৰে পৰা ৰোগত আক্ৰান্ত হৈ দুখ বা আৰ্থিক চিন্তা কৰিব নালাগে। কেৱল ভুক্তভোগীয়ে আঁচনিযোগে লাভ কৰা কাৰ্ড ব্যৱহাৰ কৰি চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰিব আৰু ৰোগীক আৰোগ্য কৰি নিজৰ ঘৰত সুখ আৰু আনন্দ ঘূৰাই আনিব পাৰিব বুলি উল্লেখ কৰে।
    একেদৰে পশ্চিম কাৰ্বি আংলঙৰ দয়াংমুখৰ উপ স্বাস্থ্য কেন্দ্ৰৰ চৌহদতো এখন কাৰ্ড বিতৰণি সভাৰ আয়োজনেৰে জনপ্ৰতিনিধি ৰিণা তেৰাংপি আৰু পৱন ৰয় উপস্থিতিত শতাধিক হিতাধিকাৰীৰ মাজত এনে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ কাৰ্ড বিতৰণ কৰা পৰিলক্ষিত হয়।
     খেৰণিৰ পৰা কনক দেউৰী, ফোন-৮০১১৬৬২২৩৬।

News Desk
Author: News Desk

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0