মিছামাৰিঃ অসমৰ যুৱতীক বহিঃ ৰাজ্যত কাম দিয়াৰ প্ৰলোভনেৰে নিয়াটো ডাঙৰ কথা নহয়৷ বহিঃৰাজ্যলৈ একাংশ লোকে যুৱতীক নি বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ ৰাজ্যত প্ৰায়ে এনে ঘটনা সংঘটিত হৈ আহিছে৷ তাৰ মাজতে, শোণিতপুৰৰ মিছামাৰী ৰেল ষ্টেছনত অসমৰ ৬গৰাকী যুতী সহ আটক হ’ল জম্মু-কাশ্মীৰৰ এজন যুৱক৷
শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত নিউ মিছামাৰী ৰেল ষ্টেছন ৬গৰাকী কিশোৰ-কিশোৰীক সংস্থাপন দিয়াৰ প্ৰলোভনেৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰলৈ লৈ যোৱাৰ সময়তে স্থানীয় আছা, আটছা এবছুৰ কৰ্মকৰ্তাই হুমায়ুং নাজিৰ দাৰিয়াল নামৰ যুৱকজনক আৰক্ষীৰ সহযোগত আটক কৰাৰ লগতে ৬গৰাকী কিশোৰক উদ্ধাৰ কৰে৷ জানিব পৰা মতে, মিছামাৰীৰ শংকৰ মুণ্ডা নামৰ এজন মধ্যস্থাকাৰীৰ সহযোগত শ্ৰীনগৰৰ যুৱক হুমায়ুংয়ে যোৱা ১৭নৱেম্বৰত অসমলৈ আহিছিল৷