মোৰাঝাৰ/হোজাইঃ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ওলাই আহিল বৃক্ষৰোপন কৰিবলৈ৷ হোজাই জিলাৰ নীলবাগানৰ নৱজ্যোতি একাডেমীৰ মঙলবাৰে দশম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীয়ে বিদায় সভা অনুষ্ঠিত হয়৷ বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ পূৰ্বে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে মহানিমৰ পুলি ৰোপন কৰি থৈ যায়৷
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নৱজ্যোতি একাডেমীৰ প্ৰধান শিক্ষক আব্দুল কালামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৃক্ষৰোপনৰ দৰে মহৎ কাম কৰা ছাত্ৰ-ছাত্ৰীসকলক জীৱনত আগবাঢ়ি যোৱাৰ লগতে চৰিত্ৰবান হবলৈ আহ্বান জনায় শিক্ষকসকলে৷ শিক্ষক মাহমুদ আলীয়ে ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ পাঠ ভিত্তিক শিক্ষা গ্ৰহণ কৰে যদিও নৈতিক শিক্ষা অবিহনে কোনো ছাত্ৰ ছাত্ৰী প্ৰকৃতভাৱে শিক্ষিত হ’ব নোৱাৰে বুলি মন্তব্য কৰে৷