কাজিৰঙাৰপৰা পলিমা চেতিয়া বসুমতাৰীঃ ব’হাগলৈ মাজত মাথো এটা দিন বাকী। গছৰ ন- কুঁহিপাতে আনিছে বিহুৰ বতৰা৷ অসমৰ বাপতি সাহোন ব’হাগৰ আগমনক লৈ সকলোৰে মন উলাহেৰে নধৰা হৈ থকা দেখা গ’ল শনিবাৰে বোকাখাত জাতীয় বিদ্যালয়ত৷
বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক সকলোৱে আদৰণি জনালে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটিক৷ ঢোলে-দগৰে আদৰিলে ৰঙালীক৷ স্বকীয় কৃষ্টি-সংস্কৃতি অটুট ৰাখি অনুষ্ঠিত কৰা জাতীয় বিদ্যালয়খনিৰ ৰঙালীক আদৰণিৰ প্ৰতিটো কাৰ্যসূচীয়েই দৃষ্টিনন্দন তথা মনোগ্ৰাহী৷