Home অন্যান্য খবৰবিধ্বস্ত পথত কঠীয়া ৰুই অভিনৱ প্ৰতিবাদ গাঁওবাসীৰ

বিধ্বস্ত পথত কঠীয়া ৰুই অভিনৱ প্ৰতিবাদ গাঁওবাসীৰ

by News Desk
73 views
A+A-
Reset

কাজিৰঙাঃ ৰাজ্যৰ সৰ্বত্ৰে আজিও অপৰিৱৰ্তিত বিকশিত অসমৰ অবিকশিত ৰূপ৷ স্বয়ং কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিতে থকা তিলমাত্ৰও উন্নয়নৰ পোহৰ নপৰা এখন গাঁৱে উদঙাই দেখুৱাইছে বিকশিত অসমৰ এখন ফোঁপোলা ছবি৷ বোকাখাত মহকুমাৰ কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ গাতে লাগি থকা এই গাঁওখনৰ নাম কান্ধুলিমাৰী গাঁও৷ 

স্বাধীনতাৰ ৭২ বছৰৰ পাছটো কান্ধুলিমাৰী গাঁৱত নপৰিল উন্নয়নৰ এচিকুটমানো পোহৰ৷ পূৱ কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন সকলো দিশৰ পৰাই আজিও উপেক্ষিত৷ বাট-পথৰ দুৰৱস্থাই বছৰ-বছৰ ধৰি গাঁওবাসীক যমৰ যাতনা ভূগাই আহিছে৷ বিগত ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ শাসন কালত গাঁওখনৰ বাট-পথ সমূহ সুচল কৰি তুলিবলৈ গাঁওখনৰ ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰা স্বত্বেও কোনো সুফল নাপালে৷ আনহাতে, পৰিৱৰ্তনৰ শ্ল’গান দি দিছপুৰৰ মচনদ দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ ওচৰটো হাজাৰটা আবেদন-নিবেদন কৰি কৰি কান্ধুলিমাৰী ৰাইজ সম্প্ৰতি ভাগৰি পৰিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0