কাজিৰঙাৰপৰা পলিমা চেতিয়া বসুমতাৰী

কাজিৰঙাঃ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হৈছে কাজিৰঙা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী৷ জানিব পৰা মতে এই বিদ্যালয়খনৰপৰা মুঠ ২৮ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে পাঁচজন ডিষ্ট্ৰিংচন আৰু ১১ জনে ষ্টাৰ নম্বৰসহ ১৯ জনে প্ৰথম বিভাগত, ৭ জনে দ্বিতীয় আৰু দুইজনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে বুলি প্ৰধান আচাৰ্য ৰঞ্জন ৰাজখোৱাই জানিব দিয়ে। 

কাজিৰঙা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে এশ শতাংশ উত্তীৰ্ণ হৈ অঞ্চলটোৰ সুনাম কঢ়িয়াই আনিছে। অন্যহাতে, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা মুঠ ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত দুই জনে ডিষ্ট্ৰিংচনসহ চাৰিজনে প্ৰথম বিভাগত, ১৬ জনে দ্বিতীয় আৰু সাতজনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে বুলি প্ৰধান শিক্ষক উদয়ণ ফুকনে জানিবলৈ দিয়ে। 

ইফালে, কাজিৰঙা নেচ’নেল পাৰ্ক হাইস্কুলৰ মুঠ ৩২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত তিনি গৰাকী, দ্বিতীয় ৯ গৰাকী আৰু তৃতীয় বিভাগত ৮ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। কাজিৰঙাৰ কহঁৰাত অৱস্থিত ৰাইজিং চান ইংলিছ স্কুলৰ মুঠ দুগৰাকী ছাত্ৰীৰ ভিতৰত এগৰাকী দ্বিতীয় আৰু এগৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। কাজিৰঙাৰ গাতে লাগি থকা কাৰ্বি আংলঙৰ কহঁৰা চন্দ্ৰ সিং ৰংপি মেমৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৪৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত দুগৰাকী দ্বিতীয় আৰু ১১ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে৷