57
তেজপুৰ/কাজিৰঙাঃ বিশ্বৰ ঐতিহ্যক্ষেত্ৰ বৰ্তমান পানীৰ তলত। দেশী-বিদেশী পৰ্যটকে ভিৰ কৰা ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়া জীৱ-জন্তুৰ আৰ্তনাদ।
প্ৰলয়ংকাৰী বানত ৰাজ্যৰ আঠখনতকৈও অধিক জিলা বানৰ কবলত পৰাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনতো পানীয়ে হাঁহ নচৰা অৱস্থা কৰিছে জীৱকূলৰ। যেনি-তেনি লৰা-ঢপৰা কৰি ফুৰা বন্যপ্ৰাণীয়ে এফালে পানীত ককবকাই আৰু আনফালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাবলগা হৈছে।