কাজিৰঙাঃ চোৰাং চিকাৰীক প্ৰাৰ্থিত্ব দিয়াটোৱেই যেন কাল হ’ল অসম গণ পৰিষদৰ। তদুপৰি, গৃহ সমষ্টিৰ সাধাৰণ ভোটাৰৰ কাষলৈ যাবলৈ সময় নোপোৱা অ গ প নেতৃত্বৰ চৰম উদাসীনতাৰ বাবেই স্বয়ং অ গ পৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত আঞ্চলিক দলটো বিধ্বস্ত হৈ পৰে।
নিৰ্বাচনৰ প্ৰচাৰ অভিযানত বোকাখাতত উপস্থিত হৈ হিমন্ত বিশ্বই অতুল বৰাক বি জে পিত ভোট দিবলৈ কোৱাৰ দৰেই যেন বোকাখাতৰ বেছি ভাগ ৰাইজে অ গ পৰ বিৰুদ্ধে মতদান কৰি গেৰুৱা বাহিনীক বিজয় ধ্বজ্জা উৰুৱাৰ সুযোগ দিয়ে।