বিলাসীপাৰাঃ সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়ত নিৰ্বাচনৰ বুধবাৰে ঘোষিত ফলাফলত নিৰ্দলীয় সভাপতি পদৰ জামাল হক আৰু কাউন্সিলাৰ প্ৰাৰ্থী ৰৌসনাৰা বেগমে তেওঁৰ নিকটতম কংগ্ৰেছ প্ৰাৰ্থীক বিপুল ভোটত পৰাস্ত কৰি বিজয়ী হয়।
এই নিৰ্দলীয় প্ৰাৰ্থী দুয়োগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি কংগ্ৰেছৰ হাইকমাণ্ডৰ ওচৰত আবেদন কৰিছিল যদিও কংগ্ৰেছৰ হাইকমাণ্ডে বৃহত অংকৰ টকা বিচাৰিছিল। কিন্তু তেওঁলোকে টকা দিব নোৱাৰাত কংগ্ৰেছৰ টিকটৰপৰা বঞ্চিত কৰি হাইকমাণ্ডে পূৰ্ব্বৰ আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ সভাপতি দুৰ্নীতি সম্ৰাট তথা একপ্ৰকাৰ কংগ্ৰেছী ৰাজত্ব কৰা নুৰুল ইছলামক মোটা অংকৰ বিনিময়ত প্ৰাৰ্থিত্ব প্ৰদান কৰে।