107
নতুন দিল্লীঃ ২০০১ চনত ১৩ ডিচেম্বৰ। এটা ভয়াবহ দিন। আজিৰপৰা ১৭ বছৰ পূৰ্বে এই দিনটোতে সন্ত্ৰাসবাদীয়ে সংসদ ভৱনত আক্ৰমণ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল।
মাৰণাস্ত্ৰৰে সু-সজ্জিত পাঁচ সন্ত্ৰাসবাদী সংসদ ভৱনৰ চৌহদত প্ৰৱেশ কৰি যধে-মধে গুলীচালনা কৰাত ন-জন লোক নিহত হৈছিল। ইয়াৰে পাঁচজন চি আৰ পি এফক জোৱান, এগৰাকী চি আৰ পি এফৰে মহিলা কেডাৰ, তিনিজন সংসদ ভৱনতে কাম কৰা কৰ্মচাৰী আৰু মালী। আক্ৰমণ চলোৱা আটাইকেইটা সন্ত্ৰাসবাদীকো নিধন কৰা হৈছিল।