♦ লোককৃষ্টি সংৰক্ষণত সাংবাদিক প্ৰিয়ংদ্বীপ কাকতিৰ মহৎ পদক্ষেপক আদৰণি

 কাজিৰঙাঃ গাঁৱলীয়া চহা জীৱনৰ লোক-শিল্প সংৰক্ষনেৰে সমাজ তথা সাহিত্য সংস্কৃতিৰ চৰ্চ্চা কেন্দ্ৰৰূপে গঢ়ি তোলা নুমলীগড়ৰ "সঁজাল কুটীৰ" সম্প্ৰতি  বিদ্বত সমাজৰ প্ৰাণকেন্দ্ৰত পৰিণত হৈছে। নুমলীগড়ৰ সাংবাদিক প্ৰিয়ংদ্বীপ কাকতিয়ে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি তোলা এই সঁজাল কুটীৰ ভউ

ধভআরএ লক্ষীমপুৰৰ এটা মিচিং সঁজাতি দলে পৰিদৰ্শন কৰে। 

কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি মহেন শইকীয়া আৰু সম্পাদক পৱন কামনাৰ ব্যৱস্থাপনাত মিচিং জনগোষ্ঠীৰ লোক জীৱনৰ গৱেষণাৰ সতে জড়িত তথা বিশিষ্ট সমাজকর্মী লক্ষীমপুৰ নগৰৰ বাসিন্দা চিদানন্দ কামানৰ নেতৃত্বত অহা ৩ জনীয়া প্ৰতিনিধিৰ দলটোৱে "সঁজাল কুটীৰ"ত অসমীয়া সংস্কৃতিৰ বিশেষকৈ মিছিং জনগোষ্ঠীৰ বিভিন্ন কৃষি আৰু মাছ ধৰা সঁজুলি, নিত্য ব্যৱহিত সামগ্ৰী আৰু বিভিন্ন আপুৰুগীয়া সম্পদ সংৰক্ষণৰ জড়িয়তে সাংবাদিক গৰাকীয়ে গ্ৰহণ কৰা প্ৰচেষ্টা দেখি অভিভূত হৈ পৰে। 

সঁজাতি দলটোৱে ব্ৰহ্মপুত্ৰৰ উত্তৰপৰীয়া নদী কেন্দ্ৰিক মিছিং সম্প্ৰদায়ৰ আৰু বহু সম্পদ "সঁজাল কুটীৰ" লৈ প্ৰেৰণ পোৱাৰ কথাও ঘোষণা কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত আৰম্ভ কৰা এই সঁজাল কুটীৰত  এতিয়া বিভিন্ন সময়ত সমাজ-সাহিত্য-সংস্কৃতি বিষয়ক ইতিবাচক চিন্তাৰ বিভিন্ন আলোচনা অনুষ্ঠিত হৈ আহিছে। সাম্প্ৰতিক সমাজৰপৰা হেৰাই যোৱা লোক কৃষ্টিৰ সম্পদ সাংবাদিকগৰাকীয়ে ব্যক্তিগত প্রচেষ্টাত সংৰক্ষণৰ কৰিবলৈ চেষ্টা কৰা এই পদক্ষেপ নিঃসন্দেহে আদৰণীয়।