পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ ৰাষ্ট্ৰীয় পৰ্যায়ত বহুল প্ৰশংসিত, ব্ৰহ্মপুত্ৰ ভেলি বঁটাপ্ৰাপ্ত ‘দ্যা মেন হু স্পিকছ নেচাৰ নামৰ অসমৰ প্ৰকৃত বিষয়ক চুটি ছবিখনে ইউৰোপৰ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক চুটি ছবিৰ প্ৰতিযোগিতাত অসমৰ ছবি ‘দ্যা মেন হু স্পিকচ নেচাৰ’এ শ্ৰেষ্ঠ ছবি হিচাপে স্বীকৃত লাভ কৰিবলৈ সক্ষম হৈছে৷
‘দ্যা মেন হু স্পিকছ নেচাৰ’ নামৰ ছবিখনৰ বাবে বোকাখাতৰ শিক্ষিত যুৱক ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকালৈ এই বঁটা আগবঢ়োৱা হৈছে। যোৱা দুদিন ধৰি ইউৰোপ মহাদেশৰ হাংগেৰীৰ ৰাজধানী বুডাপেষ্টৰপৰা ৩০ কিল’মিটাৰ দূৰৰ গদল’ চহৰত অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱ।