newsnextone.com | ডিডিটেল ডেস্কঃ কেৰেলাৰ শাসনাধিষ্ঠিত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টী (চিপিএম)-এ হিন্দু সম্প্ৰদায়ৰ মাজত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ ৰামায়ণ মাহ পালন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ ৰামায়ণ মাহ উপলক্ষ্যে চিপিএমে সমগ্ৰ ৰাজ্যখনতে চেমিনাৰ, সন্মিলন আৰু লোকচৰ্চা আয়োজন কৰি ৰামায়ণৰ মহত্ব আৰু সামাজিক পৃষ্ঠভূমিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব৷
ইয়াৰ লগতে চিপিএমে দলৰ সৈতে সংযুক্ত মন্দিৰ প্ৰবন্ধন সমিতিৰ প্ৰতিনিধিসকলক সাক্ষাত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে৷ প্ৰকৃততে, কেৰেলাৰ হিন্দু সকলৰ মাজত বিজেপিৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবেই তাক প্ৰতিৰোধৰ কথা চিন্তা কৰি চিপিএমে নতুন ৰাজনৈতিক কৌশল অবলম্বন কৰিছে বুলি চৰ্চা চলিছে৷